/asomiyapratidin/media/media_files/2025/03/12/yXp6frPGlRQLrtcqW3fQ.jpg)
ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনৰ গোৱাল চাপৰিত থকা কোটিটকীয়া ট্ৰাক আস্থানটো ধেমাজি জিলাবাসী ৰাইজৰ সুবিধাৰ্থে ২০২২ চনতেই নিৰ্মান কাৰ্য্য সম্পূৰ্ণ কৰা হৈছিল। কিন্তু এই গৃহটো উপযুক্ত কাৰ্য্যত ব্যৱহৃত নৌহওঁতেই নীতি বহিৰ্ভূতভাৱে ব্যক্তিগত প্ৰতিষ্ঠান জ্ঞানম আই টি আইক বহুদিন ধৰি কোনো কৰ নোলোৱাকৈ আৱণ্টন দিয়াক লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
বুধবাৰে পুৱা ১১-৩০ বজাত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত গঢ়ি তোলা হয় এই প্ৰতিবাদী কাৰ্যসূচী। ব্যক্তিগত প্ৰতিষ্ঠানটোৰ অনুমতি শীঘ্ৰেই বাতিল কৰা, শীঘ্ৰেই নতুনকৈ নিবিদা আহবান কৰা আৰু তদন্তৰ দাবীত ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্য্যালয়ৰ সন্মুখত বিভাগটোৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে৷
প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই অনুমতি বাতিল নকৰিলে ইয়াতকৈ অধিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ ইয়াৰ পিছত প্ৰতিবাদস্থালীত জিলা প্ৰশাসনৰ কাৰ্য্যবাহী দণ্ডাধীশ উপস্থিত হৈ ব্যৱস্থাগ্ৰহণৰ আশ্বাস দিয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে কাৰ্য্যসূচীৰ সামৰণী পেলায় ৷
উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কায্যকৰী সভাপতি কৃষ্ণ ভূঞা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিলা সমিতি সভাপতি পঙ্কজ চুতীয়া, উপ- সভাপতি অৰ্জুন চুতীয়া, সাধাৰণ সম্পাদক মিন্টু চুতীয়াকে ধৰি আন বিষয়ববীয়াসকল উপস্থিত থাকে।