/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/204e95f8-9e9a-405d-81b8-0938b9c7bd9d/7.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চতুৰ্থ দিনৰ বাবেও ধৰ্ণা কাৰ্যসূচী অব্যাহত আছে। কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ বহু বিভাগ কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদস্বৰূপে নাগৰিক সচেতন মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত দেওবাৰে অংশগ্ৰহণ কৰে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী তথা লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰা বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে ।
ধৰ্ণাত অংশগ্ৰহণ কৰি খাম্পা বৰগয়াৰীয়ে ঐতিহ্যমণ্ডিত হস্পিতালখন বন্ধ কৰাৰ ষড়যন্ত্ৰক গৰিহণা প্ৰকাশ কৰিছে। তেতিয়াৰ গোৱালপাৰা জিলাক ইষ্ট বেংগলৰ লগত সামিল কৰাত বাধা দিয়া ৰূপনাথ ব্ৰহ্মৰ নামেৰে নামাকৃত হস্পিতালখনৰ পূৰ্বৰ মৰ্যদা ঘূৰাই দিবলৈ দাবী জনাইছে খাম্পা বৰগয়াৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f7bce261-9acf-48f4-8fc8-36f4dda28dcd/7718918a-2cbb-470c-9bd6-316b0e8276ca.jpg)
সংবাদ মাধ্যমৰ আগত তেওঁ কয় মেডিকেল কলেজখনৰ আধাৰশীলা হাগ্ৰামা মহিলাৰীৰ দিনত স্থাপন হৈছিল। মেডিকেল কলেজ হোৱা মানে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খন উঠোৱা উচিত নহয় বুলি মন্তব্য কৰিছে। বৰগয়াৰীয়ে কয় মুখ্যমন্ত্ৰীয়ে এখন সভাত কৈছে কোকৰাঝাৰ চিভিলৰ সকলো চিকিৎসক, নাৰ্ছ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী , চকী -মেজ কোকৰাঝাৰ মেডিকেল কলেজত সংলগ্ন কৰা হ'ব ।
জনতাৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খন মেডিকেল কলেজৰ লগত সংলগ্ন কৰা উচিত নহয় বুলি মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে। পূৰ্বৰ মৰ্যদা ঘূৰাই নিদিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দি খাম্পা বৰগয়াৰীয়ে সোমবাৰে কোকৰাঝাৰত প্ৰতিবাদী ৰেলী বাহিৰ হ'ব আৰু উক্ত ৰেলীত সকলো জাতি -জনগোষ্ঠীৰ লোকক আন্দোলনত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে। তৎসত্বেও চৰকাৰে সঁহাৰি নিদিলে বিটিচি সচিবালয়ৰ মূল গেটত তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে খাম্পা বৰগয়াৰীয়ে।
উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মও উপস্থিত থাকে। ধৰ্ণাত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
Also Read: বগীবিল টোল গেটত চিলিণ্ডাৰ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত...