অংশীদাৰীৰ প্ৰতিবাদত উত্তাল পূব ঢকুৱাখনা সমবায় সমিতিৰ বাৰ্ষিক সভাথলী...

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
অংশীদাৰীৰ প্ৰতিবাদত উত্তাল পূব ঢকুৱাখনা সমবায় সমিতিৰ বাৰ্ষিক সভাথলী...

PROTEST DHAKUAKHANA

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ জিলাৰ সমবায় সমিতি সমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা সমবায় সমিতি লিমিটেডৰ শুক্ৰবাৰে বাৰ্ষিক সাধাৰণ সভা ও নিৰ্বাচনকলৈ সৃষ্ট ক্ষোভ অসন্তুষ্টিৰ বৰ্হি প্ৰকাশ ঘটে।

Advertisment

সমবায় সমিতিখনৰ  মনোনয়ন পত্ৰ গ্ৰহণ আৰু ক্ৰুটিপূৰ্ণ ভোটাৰ তালিকাক লৈ অসন্তুষ্ট অংশীদাৰী সকলে তেজপুৰস্থিত যুটীয়া মাণ্ডলিক পঞ্জীয়ক বিষয়াক অভিযোগ দাখিলৰ পৰৱৰ্তী সময়ত সম্পন্ন হোৱা তদন্তৰ আঁত ধৰি শুক্ৰবাৰে  বিভাগীয় পৰ্যবেক্ষক, নিৰ্বাচনী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সাধাৰণ  সভা আৰু নিৰ্বাচনৰ কালত উদ্ভৱ হয় উত্তেজনাময় পৰিস্থিতি।

গৰিষ্ঠ সংখ্যক  ক্ষুব্ধ অংশীদাৰ আৰু ৰাইজে সুদীর্ঘ দিন ধৰি বিভাগক জনাই অহা দাবী সমূহৰ তদন্ত নিৰপেক্ষ নোহোৱা আৰু ৰাজনৈতিক হস্তক্ষেপৰ বাবে নীতি বৰ্হিভূতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিবাদত শুক্ৰবাৰে দুপৰীয়া ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে  সমবায় সমিতিৰ সভা প্ৰাংগণত ।

বিভাগৰ বিষয়া দীপ সন্দিকৈ আৰু দীপ পেগু নিৰ্বাচনী বিষয়া হিচাবে ,তৰুণ মিলি পৰ্যবেক্ষক হিচাবে আৰু কাৰ্যবাহী দণ্ডাধীশ মানৱ জ্যোতি দাসৰ উপস্থিতিত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভা চলি থকাৰ মাজতে ক্ষুব্ধ অংশীদাৰী আৰু ৰাইজে এই সমগ্ৰ প্ৰক্ৰিয়া পক্ষপাত দুষ্ট আৰু বিসংগতি পূৰ্ণ বুলি দাবী উত্থাপন কৰি ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে বুধৱৰীয়া বজাৰৰ সমবায় সমিতিৰ বাৰ্ষিক সভা থলীৰ বাহিৰত। 

সমবায় সমিতিখনৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈ থকাৰ মাজতে ক্ষুব্ধ একাংশ অংশীদাৰী ৰাইজে সভা গৃহৰ বাহিৰত প্ৰতিবাদী সমদল কৰি অসাংবিধানিক ভাৱে  নিৰ্বাচন  অনুষ্ঠিত কৰা নচলিব ,অবৈধভাৱে অনুষ্ঠিত কৰা সমবায় নিৰ্বাচন প্ৰক্ৰিয়া বন্ধ কৰক, ক্ৰুটিপূৰ্ণ মনোনয়ন পত্ৰ গ্ৰহণ আৰু নিৰ্বাচন বাতিল কৰক  আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে । পাছত  কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰী সকলক বুজাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

অন্যহাতে বাৰ্ষিক সভা আৰম্ভ হোৱাৰ পাছত সচিৱে উদ্দেশ্য ব্যাখ্যা কৰাৰ মুহুৰ্ততে একাংশ অংশীদাৰীয়ে পূৰ্বে বিভাগক অৱগত কৰে দাবী সমূহৰ আলোচনা কার্যসূচীত স্থান দিব লাগে বুলি দাবী জনায় আৰু এনে ক্ৰুটিপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা নহ'ব বুলি বক্তব্য  ৰাখি বিষয়টো নিৰ্বাচনী বিষয়া, পৰ্যবেক্ষকৰ দৃষ্টিগোচৰ কৰে।

কিন্তু তাৰ প্ৰতি কোনো পক্ষই গুৰুত্ব নিদিয়াত উক্ত সাধাৰণ সভা শতাধিক অংশীদাৰীয়ে বৰ্জন কৰে । পৰৱৰ্তী সময়ত অগণতান্ত্ৰিক ভাৱে অনুষ্ঠিত কৰা সাধাৰণ  সভাৰ বিৰোধিতাৰে বৰ্জন কৰি ক্ষুব্ধ অংশীদাৰী সকলে মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন ৫ দফাযুক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰি দাবী সমূহৰ ওপৰত নিৰপেক্ষ তদন্তৰ আহ্বান জনায় । 

ইপিনে সমবায়খনৰ সভাপতি ভৱেশ দলেয়ে  ৩ শতাধিক অংশীদাৰীৰ উপস্থিতিত অনুষ্ঠিত সাধাৰণ সভাত বিনা প্ৰতিদ্বন্দিতাৰে শাসক দল বিজেপিৰ ১০ গৰাকী আৰু অন্য দলৰ ৫ গৰাকী সঞ্চালক মণ্ডলী নিৰ্বাচিত হোৱা বুলি সভাপতি গৰাকীৰ চীল মোহৰ বিহীন এক বিবৃত্তিৰ জৰিয়তে  জানিবলৈ দিছে ।

dhakuakhana