কচুৱাত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

চি পি আই (এম এল) লিবাৰেচন আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ যোগীজান ব্লক সমিতিৰ উদ্যোগত লংজাপ উদমাৰিত ৱাকফ্ সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
কচুৱাত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ কচুৱাঃ ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱৰ কচুৱাত আজি সাব্যস্ত কৰে প্ৰতিবাদ। চি পি আই (এম এল) লিবাৰেচন আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ যোগীজান ব্লক সমিতিৰ উদ্যোগত লংজাপ উদমাৰিত ৱাকফ্ সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

Advertisment

চি পি আই (এম এল) লিবাৰেচন দলৰ জ্যেষ্ঠ নেতা তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত, গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেত্ৰী আয়েফা বেগম, আলী আকবৰ, জয়নাল আবদিনে  অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত।

প্ৰতিবাদকাৰীসকলে উদমাৰী, ভেদৰি আৰু বিলপাৰ গাঁৱৰ মাজেৰে বিশাল প্ৰতিবাদী শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে ৱাকফ সংশোধনী আইন বাতিল কৰক, ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সকলো গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ শক্তি এক হওঁক, গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষা কৰক, আৰ এছ এছ বিজেপি মুৰ্দাবাদ আদি শ্ল'গানেৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। কাৰ্যসূচীত তিনি শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।

কচুৱা প্ৰতিবাদ