/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5fe1480e-d540-4cab-af6a-8526b2d3c617/namrup_12.jpg)
namrup namrup
ডিজিটেল সংবাদ নামৰূপঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰা ‘মিছন-২০৪৭’ ৰ বাবে ভাৰত চৰকাৰে নিৰ্বিনিয়োজন নীতিৰ আধাৰত চলিত বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডক গতাই ৬৫০০০ কোটি টকা আহৰণৰ লক্ষ নিৰ্ধাৰণ কৰিছে। চৰকাৰী তথ্য মতে নামৰূপস্থিত বি ভি এফ চি এল কে মুখ্য কৰি ৮ টা প্ৰধান ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত প্ৰথম পৰ্যায়ত নির্বিনিয়োজন প্ৰক্ৰিয়া আৰম্ভ হ'ব।
এই দুঃসংবাদে আতংকিত কৰিছে নামৰূপ সাৰ কাৰখানাৰ বিষয়া কৰ্মচাৰী শ্ৰমিকসকলৰ লগতে নামৰূপৰ ৰাইজক। তাৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি প্ৰায় ৫ বজাত বি ভি এফ চি এল শ্ৰমিক ইউনিয়ন আৰু ফাৰটিলাইজাৰ ৱৰকাৰ্ছ ইউনিয়নৰ উদ্যোগত উদ্যোগটোৰ মুখ্য প্ৰবেশদ্বাৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি গেট মিটিং দিয়ে।
শ্ৰমিক কৰ্মচাৰীসকলে বি ভি এফ চি এল বন্ধ প্ৰক্ৰিয়া বন্ধ কৰক, বিক্ৰী প্ৰক্ৰিয়া বন্ধ কৰক চতুৰ্থ গোট স্থাপন কৰক, আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে নামৰূপ আকাশ বতাহ। যি সময়ত উত্তৰ-পূবৰ একমাত্ৰ সাৰ কাৰখানা ব্রহ্মপুত্রভেলি ফার্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেডৰ পুনৰুজীৱিতকৰণৰ কল্পে চতুৰ্থটো উৎপাদন গোট স্থাপনৰ বাবে বিগত ১৬ বছৰে দুয়োখন ইউনিয়ন বিভিন্ন দল সংগঠনে নিৰবিছিন্ন ভাবে আন্দোলন, অনুনয় বিনয় কৰি আহিছে তেনে সময়ত কেন্দ্ৰীয়চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তত নিৰাপত্তাহীনতা ভুগি অসহায় বোধ কৰিছে শ্ৰমিক কৰ্মচাৰীসকলে।
আজি উদ্যোগটোৰ মুখ্য প্ৰৱেশ দ্বাৰত উপস্থিত ৰাইজক উদ্দেশ্যি শ্ৰমিক ইউনিয়ন সাধাৰণ সম্পাদক ধ্ৰুৱ শইকীয়াই এই সংকট কালত সাৰ কাৰখানা ৰক্ষাৰ বাবে সকলো দল সংগঠনক একত্ৰিত হবলৈ আহ্বান জনাই আৰু এক বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ ঘোষণা কৰে। এই সভাত প্ৰাক্তন শ্ৰমিক নেতা টিলেশ্বৰ বৰাই কয় যে, জাগীৰোড কাগজ কল বন্ধ হ'ল।
তেওঁ কয় যে, অসম চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকা জাগীৰোড সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী হোৱাৰ পিছতো জাগীৰোড কাগজ কল বচাবলৈ সক্ষম নহ'ল তেনে স্থলত নামৰূপ সাৰ কাৰখানাৰ সুচল ভৱিষ্যতকলৈ সকলো ৰাইজ একগোট হৈ সমগ্ৰ অসম জুৰি এক আন্দোলনৰ গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰে। যি কোনো পৰিস্থিতিত মোকাবিলা কৰি নামৰূপ সাৰ কাৰখানা বন্ধ হোৱা অথবা কাৰখানা বিক্ৰী প্ৰক্ৰিয়া বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰাব লাগিব বুলি প্ৰাক্তন শ্ৰমিক নেতা গৰাকীয়ে বক্তব্যত কয়।
ইফালে সভাৰ আৰম্ভণিতে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰা বি ভি এফ চি এলৰ ঠিকা শ্ৰমিক সংস্থাৰ বিষয়ববীয়া তথা অসম গণ পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰয়াত প্ৰদীপ দুৱৰাৰ বিয়োগত শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।