ডিজিটেল সংবাদ,নাজিৰাঃ বিভিন্ন দাবীৰে নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মখত প্ৰতিবাদ কৰে বহু দল-সংগঠনে । এই প্ৰতিবাদী কাৰ্যসূচী ৰপায়ন কৰা হয় বীৰ লাচিত সেনা,সদৌ তাই আহোম ছাত্ৰ সন্থা,সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গেলেকী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ।
শেহতীয়াকৈ অ'এনজিচি, অসম সম্পদ আৰু Cross Country Contractors Pvt.Ltd এ কৰা থলুৱা স্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।