পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ…

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ…

ডিজিটেল ডেস্ক : সোমবাৰে পশ্চিমবংগৰ বিজেপি সাংসদ সকলে সংসদ ভৱনৰ বাহিৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এছএছচি নিযুক্তি কেলেংকাৰীৰ লগত পশ্চিমবংগৰ প্ৰক্তন কেবিনেট মন্ত্ৰী পাৰ্থ চেটাৰ্জী জৰিত থকাৰ অভিযোগ উত্থাপন কৰি বিজেপি সাংসদ সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সাংসদ সকলে হাতে হাতে প্লে কাৰ্ড লৈ , তৃণমূল কংগ্ৰেছ আৰু দুৰ্নীতি একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।

Advertisment

উল্লেখ্য যে , পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীক  এছএছচি নিযুক্তি কেলেংকাৰীৰ লগত জৰিত থকাৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে পশ্চিমবংগ বিজেপি ।  

আৰু পঢ়ক : কাজিৰঙাৰ পৰা ওলাই অহা ম'হৰ আক্ৰমণত নিহত বাগিচাৰ শ্ৰমিক…

partaha chetarji mamata benarji tmc