Advertisment

বজালীৰ মাধপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ...

প্ৰধান শিক্ষক নবিন চৌধুৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন চলোৱাৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল নিশাৰ ভাগত চুৰি কৰি নিয়াৰো অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে । ইফালে শিক্ষকৰ প্ৰহাৰত ভীতিগ্ৰস্ত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আজি উপস্থিত নহ'ল বিদ্যালয়খনত ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বজালীঃ বজালীৰ মাধপুৰত ৯০৪/১ নং মাধপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নবিন চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদদ নামিল ৰাইজ ।স্থানীয় ৰাইজে শিক্ষাৰ্থীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । এগৰাকী ছাত্ৰৰ চুৰি হোৱা এটা ঘড়ী বিচৰাৰ নামত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে । অভিযোগ উত্থাপন কৰি প্ৰধান শিক্ষক নবিন চৌধুৰীক বৰ্খাস্তৰ দাবী জনায় স্থানীয় ৰাইজে ।

Advertisment

উল্লেখযোগ্য যে প্ৰধান শিক্ষক নবিন চৌধুৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন চলোৱাৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল নিশাৰ ভাগত চুৰি কৰি নিয়াৰো অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে । ইফালে শিক্ষকৰ প্ৰহাৰত ভীতিগ্ৰস্ত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আজি উপস্থিত নহ'ল বিদ্যালয়খনত ।

এইফালে, প্ৰধান শিক্ষক নবিন চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ কৰি আপোন বুলি ভাবো বাবে ছাত্ৰ-ছাত্ৰীক দুই এটা কোব সোধাই শাসন কৰা বুলি মন্তব্য কৰে । আনফালে,  বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ স্বাৰ্থত শিক্ষকে প্ৰহাৰ কৰিব লগা হয় বুলি মন্তব্য কৰে ।

বজালী প্ৰতিবাদ