গৌৰৱ গগৈক ক'লা পতাকা প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰতিবাদ

'গৌৰৱ গগৈ গ’ বেগ’, 'পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ হুচিয়াৰ, 'গৌৰৱ গগৈ হায় হায়’, 'পাকিস্তানী সমৰ্থক গৌৰৱ গগৈ লেই লেই চেই চেই’ আদি শ্ল' গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৰাইজে।

author-image
Asomiya Pratidin
New Update
মৱমমমমম

ডিজিটেল সংবাদ,নলবাৰীঃ পাকিস্তানৰে সম্পৰ্ক থকা অভিযোগত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক আজি নলবাৰীত স্থানীয় ৰাইজে পহুখেদা দিয়ে। নিৰ্বাচনী সভা চলি থকাৰ মাজতেই গৌৰৱ গগৈক ক'লা পতাকা প্ৰদৰ্শন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। 'গৌৰৱ গগৈ গ’ বেগ’, 'পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ হুচিয়াৰ, 'গৌৰৱ গগৈ হায় হায়’, 'পাকিস্তানী সমৰ্থক গৌৰৱ গগৈ লেই লেই চেই চেই’ আদি শ্ল' গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৰাইজে।

Advertisment

উল্লেখ্য় যে, আজি নলবাৰীত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল সাংসদ গৌৰৱ গগৈ। গোপনে পাকিস্তানলৈ গৈ ১৫ দিন কটাই অহা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ ইতিমধ্যে ক্ষুণ্ণ হৈ আছিল ৰাইজ। যাৰ ফলত আজি সভা চলি থকাৰ মাজতে স্থানীয় ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

পৰিস্থিতি উত্তপ্ত হোৱা দেখি গৌৰৱ গগৈয়ে ৰাইজৰ ভয়ত অন্য পথেৰে পলায়ন কৰে। পাকিস্তানৰ সৈতে লিংক থকা বুলি সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও সাংসদগৰাকীক পাকিস্তানলৈ যোৱা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াযোগে গৌৰৱ গগৈৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰিছিল যদিও সাংসদগৰাকীয়ে উত্তৰ দিয়াৰ পৰা বিৰত আছিল।

এনেবোৰ কাৰণতে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজ ক্ষুণ্ণ হৈ পৰিছিল। নলবাৰীৰ জনতাই ইতিমধ্যে সাংসদগৰাকীক নলবাৰীত প্ৰৱেশ নিষিদ্ধ কৰিছে৷ লুকাই চুৰকৈ পাকিস্তানলৈ যোৱা কংগ্ৰেছৰ সাংসদগৰাকীয়ে আজি পৰ্যন্ত বিষয়টো স্পষ্ট নকৰাত সাধাৰণতে ৰাইজ গৌৰৱ গগৈ দেশ বিৰোধী কাৰ্য-কলাপত জড়িত বুলি ভাবিবলৈ বাধ্য হৈছে, গৌৰৱ গগৈক সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে।

গৌৰৱ গগৈ