কোকৰাঝাৰত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ এবিএমছুৰ

কোকৰাঝাৰ -বিলাসীপাৰা সংযোগী পথৰ বেদলাংমাৰীত আজি এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা এবিএমছুৰ সহযোগত প্ৰতিবাদী সমদল আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে ।

author-image
Asomiya Pratidin
New Update
356

ডিজিটেল সংবাদ, কোকৰাঝাৰ : অসমত চলি থকা অমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত পৰিয়ালসমূহক পুনৰসংস্থাপনৰ দাবীত বুধবাৰে বেদলাংমাৰীত এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। কোকৰাঝাৰ -বিলাসীপাৰা সংযোগী পথৰ বেদলাংমাৰীত আজি এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা এবিএমছুৰ সহযোগত প্ৰতিবাদী সমদল আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে ।

Advertisment

প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা এবিএমছুৰ প্ৰায় শতাধিক সদস্যই বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পিকেটিংকাৰীসকলে বিজেপি গ' বেক, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,অসম চৰকাৰ হায় হায়,উচ্ছেদ বন্ধ কৰক,উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ দিয়ক, ন ' জাষ্টিচ ন' ৰেষ্ট, উই ৱাণ্ট জাষ্টিচ, এবিএমছু জিন্দাবাদ আদি ইত্যাদি শ্লোগানেৰে বেদলাংমাৰীৰ পৰিৱেশ উত্তাল কৰি তোলে।

ইপিনে প্ৰতিবাদৰ অন্তত সংবাদমাধ্যমৰ আগত এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল ইছলাম আৰু এবিএমছুৰ কাৰ্যকাৰী সভাপতি মইনুদ্দিন আলিয়ে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে । এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল ইছলামে কয় যে বিজেপি চৰকাৰে শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছৰে পৰা সংখ্যালঘু লোকসকলক গৃহহীন কৰা আৰম্ভ কৰিছে ।

এতিয়ালৈ কমেও ১২ হাজাৰ সংখ্যালঘু লোকক বিজেপি চৰকাৰে গৃহহীন কৰিলে বুলি মন্তব্য কৰি জাইদুল ইছমামে কয় যে অসমৰ পৰা মুছলমানক নিঃশেষ কৰাৰ কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক তথা ধ্বংস কৰাৰ পৰিকল্পনা কৰা দেখা গৈছে বুলি সদৰী কৰি জাইদুলে কয় যে অকল মুছলমান হোৱাৰ বাবেই উচ্ছেদ কৰিছে।

মুখ্যমন্ত্ৰীক চেলেঞ্জ দি এবিএমছুৱে কয় যে, উচ্ছেদিতসকলৰ মাজৰ পৰা এজন বাংলাদেশী উলিয়াই দেখুৱাওক তেতিয়া হ'লে আমিও সহযোগ কৰিম । বাংলাদেশীৰ কথা কৈ ভাতৃত্ববোধ বিনষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু সংবিধানৰ শপত লৈ সংবিধান বিৰোধী কাম কৰি আছে বুলি মন্তব্য কৰে জাইদুল ইছলামে। 

তেওঁ আৰু কয় যে, সংস্থাপন নিদিয়াকৈ আৰু এটা ঘৰ উচ্ছেদ কৰিলে এবিএমছুৱে অহা ২১ আৰু ২২ জুলাইত দিল্লীত আন্দোলন কৰিব। তদুপৰি মুখ্যমন্ত্ৰীয়ে হিটলাৰৰ দৰে চৰকাৰ চলাইছে বুলি মন্তব্য কৰি জাইদুল ইছলামে অমানৱীয় উচ্ছেদ বন্ধ কৰিবলৈ আহ্বান জনায় ।

আনহাতে এবিএমছুৰ কাৰ্যকাৰী সভাপতি মইনুদ্দিন আলিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চোকা ভাষাৰে সমালোচনা কৰে। মুছলমানৰ ওপৰত হোৱা উচ্ছেদ অভিযান একমাত্ৰ ক্ষমতাৰ ৰাগীত বলিয়ান হৈ কৰি আছে বুলি মন্তব্য কৰে। তেওঁ অতিশীঘ্ৰে উচ্ছেদ বন্ধৰ দাবী জনাই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে। 

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ইতিহাস নাজানে আৰু সেয়েহে মুখ্যমন্ত্ৰীয়ে ইতিহাস অধ্যায়ন কৰা উচিত। এইবাৰ লোকপিয়লত বংগমূলীয় মুছলমান লোকসকলে অসমীয়া ভাষা নিলিখি। যাৰ ফলত অসমতে অসমীয়া সংখ্যালঘূত পৰিণত হ'ব বুলি মন্তব্য কৰে মইনুদ্দিন আলিয়ে।

তেওঁ আৰু কয় যে লাখ লাখ ইহুদীক হত্যা কৰা হৈছিল কিন্তু ইহুদী ধ্বংস হোৱা নাই বৰং বিশ্বত দপদপাই আছে বুলি কৈ মুছলমানো ধ্বংস নহয় বৰং অধিক উন্নত হ'ব আৰু দপদপাই থাকিব বুলি মন্তব্য কৰে । উল্লেখ্য যে আজিৰ কাৰ্যসূচীত এবিএমছুৰ জিলা সভাপতি ছহিদুল ইছলাম আৰু সম্পাদক দিলোৱাৰ পৰমাণিককে ধৰি সংগঠনটোৰ বহু নেতা-কৰ্মী-সমৰ্থকে প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

কোকৰাঝাৰ