পৰ্বতঝোৰাত অব্যাহত আছে প্ৰতিবাদঃ এইবাৰ ওলাই আহিছে আদিবাসী সম্প্ৰদায়...

পুঁজিপতি গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। আজিও পৰ্বতঝোৰাত আদানী গ্ৰুপৰ বিৰুদ্ধে প্ৰতিবাদ কৰে স্থানীয় ৰাইজে।

author-image
Asomiya Pratidin
New Update
পৰ্বতঝোৰাত অব্যাহত আছে প্ৰতিবাদঃ এইবাৰ ওলাই আহিছে আদিবাসী সম্প্ৰদায়...

ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ পুঁজিপতি গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। আজিও পৰ্বতঝোৰাত আদানী গ্ৰুপৰ বিৰুদ্ধে প্ৰতিবাদ কৰে স্থানীয় ৰাইজে। আজি পৰ্বতঝোৰাৰ মঙ্গলাঝোৰা মঙ্গলাহাট অঞ্চলত চাৰিটাকৈ আদিবাসী দল, সংগঠনৰ উদ্যোগত আদানী গ্ৰুপক ভূমি দিয়াৰ বিৰুদ্ধে বি টি আৰ চৰকাৰ, অসম চৰকাৰ আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এই সংগঠন কেইটাই। তেওঁলোকলৈ সমৰ্থন আগবঢ়াই স্থানীয় ৰাইজে।

Advertisment

উল্লেখ্য যে, বুধবাৰে মঙ্গলাহাট অঞ্চল পৰিদৰ্শন কৰিছিল বন বিভাগৰ এটা দলে। তাৰ পিছতেই এই অঞ্চলটোৰো ভূমি আদানী গ্ৰুপলৈ হস্তান্তৰ কৰাৰ আতংকই বিৰাজ কৰিছে অঞ্চলটোৰ এই জনজাতীয় লোকসকলৰ মাজত। তাৰেই পৰিণিতত আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে। তেওঁলোকে এই প্ৰতিবাদৰ মাজতে সকিয়াই দি কয়, যেতিয়ালৈকে তেওঁলোকক তেওঁলোকৰ ভূমি আদানী গ্ৰুপলৈ হস্তান্তৰ কৰা নহয় বুলি স্পষ্ট কৰি নিদিয়ে তেতিয়ালৈকে তেওঁলোকে আন্দোলন, প্ৰতিবাদ অব্যাহত ৰাখিব।  

উল্লেখ্য যে, জনজাতীয় বসতিপ্ৰধান পৰ্বতঝোৰাৰ প্ৰায় ৩০০০ বিঘা ভূমি আদানী গ্ৰুপলৈ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আবণ্টন দিয়াৰ কথা পোহৰলৈ অহাৰ পিছেতেই বড়ো জনগোষ্ঠীয় বসতিপ্ৰধান অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ কৰি আহিছে। তাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, যদি বি টি আৰ বাসীয়ে নিবিচাৰে তেন্তে আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ধুবুৰী অথবা গোৱালপাৰালৈ লৈ যোৱা হব বুলি ঘোষণা কৰিছিল। কিন্তু তাৰ পিছতো স্থানীয় ৰাইজ আশ্বস্ত হোৱা নাই। বৰঞ্চ বন বিভাগৰ এটা দলে পুনৰ এটা নতুন অঞ্চল পৰিদৰ্শন কৰাত আদানী গ্ৰুপলৈ ভূমি হস্তান্তৰ কৰাৰ আতংকই এইবাৰ খেদিছে আদাবাসী বসতিপ্ৰধান আন এটা নতুন অঞ্চলত।

পৰ্বতঝোৰা আদানী গ্ৰুপ