/asomiyapratidin/media/media_files/2025/07/06/nbnbnbn-2025-07-06-12-15-59.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ এগৰাকী নৱ নিৰ্বাচিত আঞ্চলিক সদস্যাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আঠানী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত সাধভাষা পঞ্চায়তৰ কংগ্ৰেছ দলৰ নৱ নিৰ্বাচিত সদস্যা মেৰিনাৰ খাতুনৰ বিৰুদ্ধে অপ প্ৰচাৰত লিপ্ত হৈছে পৰাজিত প্ৰাৰ্থীগৰাকীয়ে।
দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি সাধুভাষা মণ্ডল কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিয়ে এই অভিযোগ উত্থাপিত কৰে। মণ্ডল কংগ্ৰেছৰ সভাপতি আবুল হুছেইনে সংবাদ মেলত সদৰি কৰি কয় যে, "নৱ নিৰ্বাচিত আঞ্চলিক সদস্যা মেৰিনা খাতুনে যোৱা লোকসভা আৰু সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে। তাৰ পাছতো বিৰোধী পক্ষই আঞ্চলিক সদস্যা মেৰিনা খাতুনৰ ভোটাৰ তালিকাত নাম নথকা বুলি অপপ্ৰচাৰ চলাইছে।"
ইফালে, এনে মনেসজা আৰু ভুৱা প্ৰচাৰ বন্ধ নকৰিলে ব্যক্তি কেইজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ সকীয়নি প্ৰদান কৰে মণ্ডল কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।