/asomiyapratidin/media/media_files/2025/07/04/304-2025-07-04-19-37-32.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁও নিবাসী বিশিষ্ট নাগৰিক, সমাজকৰ্মী, শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰাক্তন বিষয়ববীয়া তথা প্ৰতিষ্ঠিত ব্যৱসায়ী তৰুণ চন্দ্ৰ বৰদলৈ আৰু নাই। শুকুৰবাৰে পুৱা প্ৰায় ৯.৪৫ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে বৰদলৈৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ। নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত বিশিষ্ট নাগৰিক তৰুণ চন্দ্ৰ বৰদলৈৰ মৃত্যুত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।