ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সমাজ তথা সাংস্কৃতিক কর্মীৰ বিজেপিত যোগদান

ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সমাজ তথা সাংস্কৃতিক কর্মীৰ বিজেপিত যোগদান

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সমাজ তথা সাংস্কৃতিক কর্মীৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ, গুৱাহাটী: বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টিয়ে সমগ্র দেশজুৰি 'সদস্যতা ভর্তি' অভিযান আৰম্ভ কৰিছে। যোৱা ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্রথমজন কার্যকর্তা হিচাপে সদস্য পদ গ্রহণ কৰাৰ পিছত মঙলবাৰে বিজেপি শাসিত প্রতিখন ৰাজ্যতে মুখ্যমন্ত্রীসকলে দলৰ সদস্য পদ গ্ৰহণ কৰে।

Advertisment

আনহাতে, আজি দলৰ সদস্যপদ গ্ৰহণৰ দিনটোতে ৰাজ্যখনৰ কেইবাজনো শিক্ষাবিদ, সামাজিক তথা সাংস্কৃতিক কৰ্মীয়ে ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। আই আই ই, গুৱাহাটীৰ প্ৰাক্তন অধ্যক্ষ মনোজ কুমাৰ দাস, তেখেতৰ সহধর্মিনী আই আই টি, দিল্লীৰ প্ৰাক্তন চিকিৎসক বিষয়া ডা০ অজন্তা বৰুৱা দাস, ছাউথ পইন্ট বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণৰঞ্জন চন্দ্ৰ, চেন্ট্রেল বেংক ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য প্ৰৱন্ধক দ্বিজেন দত্ত, সন্দিকৈ মহাবিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক নৱজিত দত্তৰ লগতে সাংস্কৃতিক কর্মী তথা অভিনয় জগতৰ ভৱেশ দাস, দিব‍্যজ্যোতি দাস, অমৃতপ্রাণ আৰু পিংকী শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পৰা দলৰ সদস্য পদ গ্রহণ কৰে। উক্ত যোগদান অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসো উপস্থিত থাকে।

Also Read: সৰ্বভাৰতীয় ফুটবল ৰেফাৰী শাৰীৰিক সক্ষমতা পৰীক্ষাত উজলিল অসম সন্তান

সদস্যতা অভিযান bjp