Advertisment

শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল গোস্বামীৰ বিয়োগ...

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ  । তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই শিৱসাগৰত শোকৰ ছাঁ পৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি দুজন পুত্ৰ, বোৱাৰী সহিতে নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায় ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত গৌৰীসাগৰ হায়াৰ চেকেণ্ডৰী স্কুলৰ অৱসৰপ্ৰাপ্ত  শিক্ষক  প্ৰফুল্ল গোস্বামীয়ে বুধবাৰে নিশা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷প্ৰয়াত গোস্বামীৰ ঘৰ গৌৰীসাগৰ তিনিআলিৰ সমীপত ৷

Advertisment

প্ৰয়াত শিক্ষাবিদগৰাকী পূণিয়া সত্ৰৰো সত্ৰাধিকাৰ আছিল ৷ ইয়াৰ উপৰি আমগুৰি সমষ্টিৰ বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল গোস্বামী । বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত প্ৰফুল্ল গোস্বামী একেধাৰে  তিনিটা কাৰ্যকালৰ  বাবে সভাপতি আছিল  ।
 
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ  । তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই শিৱসাগৰত শোকৰ ছাঁ পৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি দুজন পুত্ৰ, বোৱাৰী সহিতে নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায় ৷

নিহত