/asomiyapratidin/media/media_files/2025/04/23/ZJdam3KJOrjoM0bgriQl.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত বুধবাৰে "ব’হাগৰ দুপৰীয়া" শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান উদযাপন কৰা হয়। হেঁপাহৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি পুৱা ১১-০০ বজাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰুমী শইকীয়াই উদ্বোধন কৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু কৰ্মচাৰীসকলে যৌথভাৱে অংশগ্ৰহণ কৰি পৰিৱেশ জীপাল কৰি তোলে ।
বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰীসকলে অধ্যয়ন কৰি থকা এই বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰীসকলে পৃথকে-পৃথকে হুঁচৰি প্ৰতিযোগিতা , বিহু নৃত্য প্ৰতিযোগিতা আদিত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাসমূহৰ অন্তত স্থানপ্ৰাপ্ত দলসমূহক বিদ্যালয়ৰ ফালৰ পৰা পুৰস্কৃত কৰা হয় আৰু স্থানপ্ৰাপ্ত দলসমূহে শিক্ষাগুৰুসকলৰ সন্মুখত কোনোৱে এফাঁকি বিহুৰ যোজনা, আন কোনোৱে সেৱা-শ্ৰদ্ধা জনাই পুৰস্কাৰ গ্ৰহণ কৰে ।
আজিৰ এই অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল বৰাকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ শিক্ষকমণ্ডলী, অভিভাৱক ৰাইজ আৰু দুইশতাধিক ছাত্ৰী উপস্থিত থাকে ।