/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3ca42203-c050-4404-acc1-11bb7229601b/sobhajatra.jpg)
শংকৰদেৱ শিশু নিকেতনৰ বৰ্ণিল শোভাযাত্ৰা
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰাত স্বকীয় মাৰ্গ দৰ্শনেৰে গুণগত আনুষ্ঠানিক শিক্ষাৰ গৰিমা বিলাই ২৫ বছৰীয়া বৰ্ণিল পৰিক্ৰমা অতিক্রম কৰিলে শংকৰদেৱ শিশু নিকেতন ঘিলামৰাই । ঘিলামৰাৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ অন্যতম সমুজ্জ্বল নক্ষত্ৰ স্বৰূপ এই শিক্ষানুষ্ঠানখনৰ সফল যাত্ৰাক সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে বৰ্ষজোৰা কাৰ্যসূচী পালনৰ পৰৱৰ্তী সময়ত মঙ্গলবাৰে সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2cbbab58-9d5b-488e-b661-4db7e605ffd7/66f8e802_1586_4b6c_8e92_60af8a252d90.jpg)
পুৱা নিকেতন পৰিয়ালৰ বন্দনাৰ পাছতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই শুভ উদ্বোধন কৰা দৃষ্টিনন্দন শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া ধৰাবাহিক তথা মঞ্চৰ অভিনেত্ৰী ভ্ৰান্তি মেধিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0c85c7f9-99cc-4719-9159-6b21eaefd94b/5ad03ae4_86bd_4b48_a761_af57ca4812af.jpg)
ঘিলামৰাৰ শিক্ষাসদী ৰাইজ, নিকেতন পৰিয়াল, প্ৰাক্তন শিক্ষাৰ্থী,শিক্ষক কৰ্মচাৰীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় মাত্ৰা বহনকাৰী বৰ্ণময় সাংস্কৃতিক দল , বিভিন্ন লোক কলা সংস্কৃতিৰ প্রদর্শনৰ লগতে ঘিলামৰাবাসীৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহনেৰে বিশাল ৰূপ লোৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ ঘিলামৰা অঞ্চল পৰিভ্ৰমণ কৰি দৰ্শক ৰাইজক সন্মোহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/213d2b7c-fa60-402f-b586-90417d8bf024/f8377a31_2859_42d8_b2d7_16f579de85d4.jpg)
পাছত নিকেতন প্ৰাংগণত শোভাযাত্ৰাৰ সফল সামৰণি মৰাৰ পৰৱৰ্তী সময়ত জয়ন্তীৰ মণ্ডপত এক সৃজনী মূলক বক্তব্য আগবঢ়াই বিশিষ্ট অধিবক্তা , সংবাদকৰ্মী দীপক শৰ্মাই । মঙ্গলবাৰে মহোৎসৱৰ দ্বিতীয় দিনাৰ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখ্য যে সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ এই ৰূপালী জয়ন্তী মহোৎসৱ আৰম্ভ হৈছে আৰু বুধবাৰে জয়ন্তীৰ শুভ সমাপ্তি হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7a83e3c9-e27e-4ed2-b0c0-e8e50299b2b8/def339ac_a2c0_4755_9b95_a9a82d7fa1d5.jpg)
আৰু পঢ়কঃ কাজিৰঙাত শিল্পী দিৱস পালন