Advertisment

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ঐক্যমঞ্চৰ সমদল

কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা বিশাল সমদলটোৱে ফ্লাইঅভাৰ হৈ সদৰ চহৰৰ মাজেৰে গ্ৰীণ ফিল্ডত উপস্থিত হৈ সমদলৰ অন্ত পেলায় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ  কোচ ৰাজবংশী ঐক্যমঞ্চৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা আক্ৰাছুৰ সহযোগত জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত শুকুৰবাৰে সন্ধিয়া কোকৰাঝাৰত এক বিশাল সমদল বাহিৰ কৰা হয়। কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা বিশাল সমদলটোৱে ফ্লাইঅভাৰ হৈ সদৰ চহৰৰ মাজেৰে গ্ৰীণ ফিল্ডত উপস্থিত হৈ সমদলৰ অন্ত পেলায় ।

Advertisment

উল্লেখ্য যে পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোচ ৰাজবংশী ঐক্যমঞ্চৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হোৱাৰ পিছত আজি কোকৰাঝাৰৰ পৰা বিয়লি জোঁৰ লৈ সমদল যাত্ৰা কাৰ্যসূচী ৰূপায়ন হোৱাৰ কথা আছিল । সেই মৰ্মে উদ্যোক্তা সমিতিয়ে অনুমতি বিচাৰি প্ৰশাসনৰ ওচৰত আবেদন কৰিছিল ।

আক্ৰাছুৰ (বলোৰাম গোট) সভাপতি বলোৰাম বৰ্মনে সদৰি কৰা মতে প্ৰশাসনে অকল সমদল কৰাৰ হে অনুমতি প্ৰদান কৰি আজি দুপৰীয়া ১:০০ বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত সমদলৰ সময় নিৰ্ধাৰণ কৰি দিয়ে অথচ অনুমতি পত্ৰখন দিয়ে বিয়লি ৩:০০ বজাত । এয়া কেনেকৈ সম্ভৱ আৰু কোকৰাঝাৰ প্ৰশাসন অইন জিলা প্ৰশাসনৰ দৰে নচলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ।ইপিনে সন্ধিয়া প্ৰতিবাদকাৰীসকল কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত সমবেত হোৱাত আৰু তাৰ পৰা জোঁৰ সমদল বাহিৰ কৰিব খোজাত আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

ইয়াকে লৈ প্ৰতিবাদকাৰীসকলৰ সতে আৰক্ষীৰ তৰ্ক-বিতৰ্ক হয় । প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি হলেও জোঁৰ সমদল কৰিবই বুলি ভাবুকি দিয়াৰ লগতে উক্ত স্থানতে আমৰণ অনশন কৰাৰ ভাবুকি দিয়ে। বহু তৰ্ক-বিতৰ্কৰ পিছত অৱশেষত আৰক্ষীয়ে সমদলকাৰীসকলক মোবাইলৰ ফ্লাছ লৈ সমদল কৰাৰ অনুমতি প্ৰদান কৰে আৰু ইয়াৰ পিছতেই কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা বিশাল সমদলটোৱে ফ্লাইঅভাৰ হৈ সদৰ চহৰ পৰিভ্ৰমন কৰি গ্ৰীণ ফিল্ডত উপস্থিত হৈ সমদলৰ অন্ত পেলায়।

সমদলৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দিয়াৰ লগতে ব্যাপক বিজেপি বিৰোধী শ্লোগান দিয়ে ।

আক্ৰাছুৰ দুই গোটৰ সভাপতি ক্ৰমে বলোৰাম বৰ্মন আৰু দ্বীপেন ৰায়ে সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীক জনজাতিকৰণ নকৰিলে নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি লোৱা হ'ব বুলি সঁকীয়নি প্ৰদান কৰিছে । জাতি- মাটি -ভেটিৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়া কোচ -ৰাজবংশী জনগোষ্ঠীৰ কথা নাভাবে বুলি মন্তব্য কৰি চৰকাৰখন প্ৰকৃততে খিলঞ্জীয়াৰ চৰকাৰ নহয় বৰং বণিক গোষ্ঠীৰ স্বাৰ্থৰ বাবেহে কাম কৰে বুলি উল্লেখ কৰে ।

 

কোকৰাঝাৰ