Advertisment

ভূপেশ বাঘেলৰ বাসগৃহত অভিযান চলোৱা বাবে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি ইডিৰ বিষয়া

আক্ৰমণকাৰীসকল কংগ্ৰেছ কৰ্মী লগতে বাঘেলৰ ঘৰত চলোৱা তালাচীক লৈ আক্ৰমণ চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আক্ৰমণৰ দৃশ্যত এটা বৃহৎ দলে তদন্তকাৰী বিষয়াসকলক ঘেৰি ধৰি আঘাত কৰা দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
FGFGH

ডিজিটেল ডেস্কঃ   সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বাসগৃহত তালাচী চলোৱা এনফৰ্চমেণ্ট সঞ্চালকালয়ৰ বিষয়াক আক্ৰমণ কৰে এদল লোকে। এই আক্ৰমণৰ পৰা সাৰি নগ'ল উপ-সঞ্চালক পৰ্যায়ৰ বিষয়াও।

Advertisment

এই সন্দৰ্ভত ভুক্তভোগী বিষয়াসকলে অভিযোগ কৰে যে,  আক্ৰমণকাৰীসকল কংগ্ৰেছ কৰ্মী লগতে বাঘেলৰ ঘৰত চলোৱা তালাচীক লৈ আক্ৰমণ চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আক্ৰমণৰ দৃশ্যত এটা বৃহৎ দলে তদন্তকাৰী বিষয়াসকলক ঘেৰি ধৰি আঘাত কৰা দেখা গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ঘৰত সোমবাৰে অভিযান চলাই ই ডিয়ে ৷ পুৱাৰ ভাগত ভিলাই-৩ পদুম নগৰৰ ভূপেশ বাঘেলৰ ঘৰত উপস্থিত হয় দলটো। আনহাতে ই ডিৰ আন এটা দল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ চৈতন্য বাঘেলৰ ঘৰতো উপস্থিত হয় । ই ডিয়ে ৰাজ্যখনৰ প্ৰায় ১৪ টা স্থানত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা  বুলি জানিব পৰা গৈছে।

ভূপেশ বাঘেল