ডিজিটেল ডেস্কঃ চামগুৰিত প্ৰয়াত ছাত্ৰ নেতা সঞ্জীৱ দাসৰ সোঁৱৰণত অনুষ্ঠিত হ'ব দিবা-নৈশ প্রাইজমানি ক্রিকেট প্রতিযোগিতা ।চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চামগুৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হ'ব উক্ত প্রাইজমানি ক্রিকেট প্রতিযোগিতা ।
চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আগন্তুক বৰ্ষৰ ৯,১০,১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত কৰা হ’ব প্ৰতিযোগিতাসমূহ । উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত বিজয়ী দলে লাভ কৰিব প্ৰথম পুৰস্কাৰ হিচাপে ৫০,০০১ নগদ ধনৰ লগতে ট্ৰফী । ইয়াৰোপৰি দ্বিতীয় পুৰস্কাৰ হিচাপে আছে ২৬,০০১ নগদ ধনৰ লগতে ট্ৰফী ।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২৫০০ টকাৰ ভৰ্তি মাচুল ধাৰ্য কৰা হৈছে বুলি উদ্যোক্তাৰ পৰা জানিব পৰা গৈছে । উল্লেখযোগ্য যে প্ৰতিযোগিতাত মেন অৱ দ্যা ছিৰিজৰ বাবে নগদ ধন আৰু ট্রফী প্ৰদান কৰাৰ লগতে চূড়ান্ত প্রতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বলাৰক নগদ ধন আৰু ট্রফী প্ৰদান কৰিব বুলি সদৰী কৰে কমিটিয়ে ।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৮৪৫৩৫৬২৬৯১, ৬০০১২৪৬২১৬, ৮০১১৭৪১৪৬১ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে উদ্যোক্তাই ।