/asomiyapratidin/media/media_files/2025/03/29/j5sqdoS4AlmUOWl6oyhf.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ সোণাৰিৰ পৰা পৰিচালিত কুইজ আৰু সাহিত্য চৰ্চাৰ গোট জাগৰণ দ্য ৰাইজিং চান, শিশু আৰু কিশোৰৰ সাহিত্য চৰ্চাৰ মঞ্চ জনপ্ৰিয় ত্ৰিমাসিক ই-পত্ৰিকা "বালাৰ্ক" তথা আটাছু সোণাৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমানি কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখনি অহা ৬ এপ্ৰিল, ২০২৫ দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে, সদৌ অসম ভিত্তিত SAPIENTIA 1.0 শীৰ্ষক প্ৰাইজমাণি কুইজ আৰু ইন্দ্ৰধনু২.০ শীৰ্ষক প্ৰাইজমাণি চিত্ৰাংকন প্ৰতিযোগিতা নামেৰে দুয়োখন প্ৰতিযোগিতা আয়োজন কৰা বুলি উদ্যোক্তাই জনাইছে। সৰ্বমুঠ ৩২ হাজাৰ টকা প্ৰাইজমাণিৰ কুইজ প্ৰতিযোগিতাত সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।
আনহাতে সৰ্বমুঠ ৪,৫০০ টকা প্ৰাইজমাণিৰ চিত্ৰাংকন প্ৰতিযোগিতাত তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। কুইজ প্ৰতিযোগিতাৰ ক্ষেত্ৰত দূৰৈৰ প্ৰতিযোগীক আয়োজক সমিতিৰ তৰফৰ পৰা বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি উদ্যোক্তা জানিবলৈ দিছে।
তাৰোপৰি অধিক তথ্যৰ বাবে ৯৯৫৭৬৬৫৯৫০/৮৪০৩৯১১৯০১/৮৬৩৮২৯৩১৩১/৯৮৬৪২২৮৫৪২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে।