ভাতৃ ৰাহুলৰ পক্ষ লৈ উচ্চতম ন্যায়ালয়ক প্ৰশ্ন প্ৰিয়ংকাৰ...

ভাৰতীয় সেনাবাহিনীক লৈ কৰা মন্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক কৰা ভৰ্ৎসনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ ৰাজনীতিত। ৰাহুল গান্ধীক উদ্দেশ্যি ন্যায়ালয়ে কৰা মন্তব্যৰ

author-image
Asomiya Pratidin
New Update
rhhhd

ডিজিটেল ডেস্কঃ  ভাৰতীয় সেনাবাহিনীক লৈ কৰা মন্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক কৰা ভৰ্ৎসনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ ৰাজনীতিত। ৰাহুল গান্ধীক উদ্দেশ্যি ন্যায়ালয়ে কৰা মন্তব্যৰ পিছতে ন্যায়াধীশৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে।

এই সময়তে ভাতৃ ৰাহুলৰ পক্ষত থিয় দিছে সাংসদ-ভগ্নী প্ৰিয়ংকা গান্ধীয়েও। মঙলবাৰে প্ৰিয়ংকাই কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ প্ৰকৃত ভাৰতীয় কোন সেইটো নিৰ্ণয় কৰাৰ অধিকাৰ নাই। এনে সিদ্ধান্ত লোৱাটো ন্যায়াধীশৰ অধিকাৰ ক্ষেত্ৰত নহয়।

প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে ৰাহুল গান্ধী এজন দেশপ্ৰেমিক আৰু সদায় দেশৰ সেনা আৰু জোৱানক সন্মান জনাই আহিছে। তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে। প্ৰিয়ংকাই স্পষ্টকৈ কয় যে আদালতৰ  ন্যায়াধীশে দেশবাসীৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাহুল গান্ধীৰ এই মন্তব্যই ৰাজনৈতিক মহলত বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰিছিল। আদালতৰ এই কঠোৰ মন্তব্যৰ পিছত প্ৰিয়ংকাৰ এই প্ৰতিক্ৰিয়া কংগ্ৰেছৰ তীব্ৰ সঁহাৰি হিচাপে দেখা গৈছে। আন কংগ্ৰেছ নেতাসকলেও ৰাহুলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি এই বিষয়ত আদালতে দিয়া মন্তব্যক সমালোচনা কৰে।

উচ্চতম ন্যায়ালয় দিল্লী