সংগ দিব ৰাহুলে! বিশাল পদযাত্ৰাৰে আজি ৱায়নাডত মনোনয়ন দাখিল কৰিব প্ৰিয়ংকাই...

সংগ দিব ৰাহুলে! বিশাল পদযাত্ৰাৰে আজি ৱায়নাডত মনোনয়ন দাখিল কৰিব প্ৰিয়ংকাই...

author-image
Asomiya Pratidin
New Update
সংগ দিব ৰাহুলে! বিশাল পদযাত্ৰাৰে আজি ৱায়নাডত মনোনয়ন দাখিল কৰিব প্ৰিয়ংকাই...

ডিজিটেল ডেস্কঃ বিশাল পদযাত্ৰাৰে আজি ৱায়নাড উপনিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে। ৰাহুল গান্ধীৰ উত্তৰাধিকাৰী হিচাপে ৱায়নাডৰ নিৰ্বাচনী যুঁজত নমা প্ৰিয়ংকা গান্ধীক এই যাত্ৰাত সংগ দিব বহুকেইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ লোকসভা নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুয়োখন আসনতে জয়লাভ কৰিছিল ৰাহুল গান্ধীয়ে। ইয়াৰ পিছতে নিয়ম অনুসৰি ৰাহুল গান্ধীয়ে ৰায়বেৰেলী সমষ্টিটো নিজৰ হাতত ৰাখি ৱায়নাড সমষ্টিটো এৰি দিছিল। তাৰ পিছতে উক্ত সমষ্টিটোত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক থিয় কৰাইছে দলটোৱে।

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে দিনৰ প্ৰায় ১২.৩০বজাত মনোনয়ন দাখিল কৰিব প্ৰিয়ংকা গান্ধীয়ে। এই যাত্ৰাত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেৰ লগতে বহু কংগ্ৰেছ নেতা।

ৰাহুল গান্ধী