পুৱতি নিশালৈকে মিটিং! দুদিনীয়া ভ্ৰমণ সামৰি দিল্লীলৈ উভতিল প্ৰিয়ংকা গান্ধী...

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, সাংসদ তথা আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে গঠন কৰা অসম স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা

author-image
Asomiya Pratidin
New Update
yhdhhdd

ডিজিটেল সংবাদ, গুৱাহাটীঃ  দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, সাংসদ তথা আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে গঠন কৰা অসম স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীয়ে কালিৰ দিনটোৰ ব্যস্ততাকো নেওচি পুৱতি নিশালৈ ৰাজীৱ ভৱনত দলীয় কাম-কাজত ব্যস্ত থাকে। পুৱতি নিশা প্ৰায় ৩ বজা পৰ্যন্ত এজন এজনকৈ বিধায়কসকলৰ লগতে দলীয় বিষয়ববীয়াসকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।

 ইয়াৰ পিছতে ক্ষন্তেক জিৰণি লৈ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ গৈ প্ৰিয়ংকা গান্ধীয়ে অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। পুনৰ ৰাজীৱ ভৱনলৈ ঘূৰি আহি পুৱা ১০ বজাৰ পৰা সাংসদগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ কেইবাটাও কোষ আৰু বিভাগৰ অধ্যক্ষসকলৰ সৈতে সাংগঠনিক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত সকলোৰে মতামত অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি সকলোকে দলীয় সংগঠন শক্তিশালী কৰা আৰু ইয়াৰ বাবে গ্ৰহণ কৰিবলগীয়া পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে দিহা-পৰামৰ্শ আগবঢ়ায়।

জুবিন ক্ষেত্ৰৰ পৰা ঘূৰি আহি ৰাজীৱ ভৱনত তেওঁ সংবাদ মাধ্যমৰ মুখামুখি হয়। সংবাদ মাধ্যমৰ আগত তেওঁ অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত কয়, "জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হ'ল আমি যিসকল অসমৰ নহয়, আমি দেখিলোঁ যে অসমৰ ৰাইজে তেওঁক কিমান ভাল পায়, কিমান শ্ৰদ্ধা কৰে। অসমৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ চকুতে চকুপানী। আমি সংবাদমাধ্যম, সামাজিক মাধ্যমত বাহিৰৰ পৰা যি দেখি আছিলোঁ আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ যে কিয় এই অনুভৱ, কিয় এই আৱেগ?"

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ জুবিন গাৰ্গে আগবঢ়োৱা অৱদানৰ শলাগ লৈ প্ৰিয়ংকা গান্ধীয়ে কয়, ''জুবিন গাৰ্গ অসমৰ আত্মা স্বৰূপ আছিল, অসমৰ অভিব্যক্তি আছিল। জুবিন গাৰ্গৰ গানৰ বিষয় আছিল অসমৰ সভ্যতা, অসমৰ সংস্কৃতি। জুবিন গাৰ্গৰ গীতত ঘৃণাৰ কথা নাছিল, জুবিন গাৰ্গে প্ৰেম-ভালপোৱা আৰু শান্তিৰ অসমৰ কথা কৈছিল। সেইজন তোমাৰ শত্ৰু, সেই শত্ৰুজনক মাৰি পেলাব লাগে ধৰণৰ কথা তেওঁৰ গানত নাছিল। প্ৰত্যেকটো গীতত এইটোৱেই উল্লেখ কৰিছিল যে প্ৰেম, একতা, অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতি, অসমৰ সভ্যতা, অসম কি হয়। এই কথা মই আমাৰ কাৰ্যকৰ্তাসকলক কালিৰ বৈঠকতো কৈছো।"

প্ৰিয়ংকা গান্ধীয়ে আৰু কয়, "আজি পুৱা যেতিয়া মই জুবিন ক্ষেত্ৰত উপস্থিত হ’লো, সেয়া মোৰ বাবেও এক আৱেগিক মুহূৰ্ত আছিল। পূৰ্বতে জুবিন গাৰ্গৰ বিষয়ে মই ইমান ভালকৈ জনা নাছিলো। কিন্তু আজি যেতিয়া মই তালৈ গ’লো, তেতিয়া দেখিলো যে তেওঁ যি যি ভাল পাইছিল সকলো সামগ্ৰী তাত দি থোৱা আছে। এই স্থান এক পৱিত্ৰ স্থান হ'ব লাগে।" জুবিন গাৰ্গক লৈ কোনোধৰণৰ ৰাজনীতি কৰা উচিত নহয় বুলিও মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে। সেয়ে ৰাজনীতিৰ বাবে নহয়, অসমৰ জনতাৰ কণ্ঠ, অসমৰ আত্মাস্বৰূপ শিল্পীগৰাকীক ব্যক্তিগত শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন ক্ষেত্ৰত উপস্থিত হোৱা বুলিও কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

তেওঁ কয়, ''জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কালি প্ৰথমবাৰৰ বাবে অসমলৈ আহিছো। যিগৰাকী শিল্পীৰ প্ৰতি অসমবাসীৰ ইমান মৰম, ইমান আৱেগ তেনে এগৰাকী শিল্পীক শ্ৰদ্ধাঞ্জলি নজনোৱাকৈ পুনৰ দিল্লীলৈ ঘূৰি যোৱাৰ কথা মই ভাবিবই পৰা নাই। সেয়ে আজি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতক ভালকৈ বুজিবলৈ চেষ্টা কৰিছো, অসম আৰু অসমীয়া মানুহৰ প্ৰতি তেখেতৰ সংপৃক্ততা অনুভৱ কৰিছো।’’

আনহাতে গৌৰৱ গগৈৰ পাকিস্তান সংযোগকলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকা গান্ধীয়ে কয়, "ৰাজনীতিত দুই ধৰণৰ নেতা থাকে। ইতিবাচক আৰু নেতিবাচক। ইতিবাচক নেতাই জনতাৰ বাবে কি কাম কৰিব বিচাৰে সেয়া কয়। বিকাশ আৰু পৰিৱৰ্তনৰ কথা কয়। অসমৰ সাতামপুৰুষীয়া সভ্যতা-সংস্কৃতি কিদৰে সুৰক্ষিত কৰিব পাৰি সেই সম্পৰ্কে কথা কয়। আনহাতে দ্বিতীয় ধৰণৰ ৰাজনীতি হৈছে বিভাজনমুখী।

 সংঘাতৰ সৃষ্টি কৰা। আনক কেৱল সমালোচনা কৰা। কাৰোবাৰ পৰিবাৰৰ ওপৰত আক্ৰমণ কৰা। এনেকুৱা ৰাজনীতি আমাৰ নাছিল আৰু আমি কেতিয়াও এনে ৰাজনীতি কৰা উচিত নহয়।’’ গান্ধীয়ে আৰু কয়, ‘‘যিদৰে গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণ হৈ আছে সেয়া ভাৰতীয় ৰাজনীতি আৰু অসমৰ ৰাজনীতিৰ বাবে এটা উদাহৰণ হ'ব লাগে যে এনেকুৱা ৰাজনীতি ভুল ৰাজনীতি। কাৰোবাৰ সন্তান তথা পৰিয়ালৰ ওপৰত এনেকুৱা আক্ৰমণ হ'ব নালাগে। বিশেষকৈ যেতিয়া সকলোবোৰ অভিযোগ মিছা আৰু অসত্য হয়।’’

গৌৰৱ গগৈৰ ওপৰত কিয় আক্ৰমণ হৈ আছে সেই কথা অসমৰ জনতাই ভালদৰে জানে বুলি উল্লেখ কৰি প্ৰিয়ংকা গান্ধীয়ে আৰু কয়, ‘‘আক্ৰমণ হোৱাৰ কাৰণ হৈছে তেওঁলোকে ভয় খাইছে। গৌৰৱ গগৈ ভদ্ৰ মানুহ বুলি জানি তেওঁলোকে ভয় খাইছে। গৌৰৱ গগৈ ইতিবাচক চিন্তাৰ মানুহ। তেওঁ এক অন্য ধৰণৰ ৰাজনীতি আনিব বিচাৰিছে। তেওঁ অসমৰ চিন্তা-ভাৱনাক সন্মান জনাই ৰাজনীতি কৰিব বিচাৰিছে।

 অসমৰ মানুহে নেতিবাচক কথা-বতৰা ভাল নাপায়। সেয়ে অসমৰ মানুহে জুবিন গাৰ্গৰ সৈতে একাত্ম অনুভৱ কৰিছিল। জুবিন গাৰ্গে সদায় একতা আৰু প্ৰেম-ভালপোৱাৰ কথা কৈছিল। অসমৰ ৰাইজেও প্ৰেম-ভালপোৱাৰ মাজত থাকিব বিচাৰে। অসমৰ ৰাইজে ঘৃণাৰ ৰাজনীতি নিবিচাৰে, ঘৃণাৰ ৰাজনীতি দেখি-শুনি ভাল নাপায়। বাধ্যত পৰি শুনিব পাৰে, কিন্তু কেতিয়াও এইবোৰ ভাল নাপায়। কাৰোবাৰ বিষয়ে এনেদৰে মিছা কথা ক'লে ৰাইজে ভাল নাপায়।"

কংগ্ৰেছ নেত্রীগৰাকীয়ে কয়, "যোৱা ১০-১১ বছৰত সত্যৰ পক্ষত থাকি ৰাইজৰ হকে ৰাজনীতি কৰাসকলৰ ওপৰত সকলোতকৈ বেছি চৰকাৰে আক্ৰমণ কৰিছে, বেছিকৈ গোচৰ জাপি দিছে। ইডি, আয়কৰ লগাই দিছে। সত্যৰ পথত থকাৰ বাবেই আমাৰ ওপৰত আক্ৰমণ হৈ আছে আৰু সেইদৰে গৌৰৱ গগৈৰ ওপৰতো ইমান বেয়াকৈ আক্ৰমণ হৈ আছে।" মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকা গান্ধীয়ে আৰু কয়, "মুখ্যমন্ত্ৰীয়ে অপ্ৰয়োজনীয় কথা কৈ ভোট বিচাৰিবলৈ এৰি ৫ বছৰত অসমৰ মানুহৰ বাবে কি কি কৰিলে সেয়া কৈ ভোট বিচৰা উচিত।

 মুখ্যমন্ত্ৰীয়ে আগন্তুক পাঁচ বছৰত কি কৰিব সেই বিষয়ে কওক। আজিৰ নৱপ্ৰজন্মই কৰ্মসংস্থাপন বিচাৰে। ৰাইজক যিকোনো কথাৰে পতিয়ন নিয়াব নোৱাৰে। অসমৰ ৰাইজক মই সজাগ হ’বলৈ আহ্বান জনাইছো। বিশেষকৈ নৱপ্ৰজন্মক সজাগ আৰু সচেতন হোৱাৰ বাবে আহ্বান জনাইছো। আপোনালোকে এনেকুৱা এজন নেতাক নিৰ্বাচন কৰক যিজনে আপোনাৰ বাবে কাম কৰিব পাৰে। যিজনে ইতিবাচক কথা কয়, আপোনালোকৰ চিন্তা-ভাৱনাক সন্মান জনাই তেনে এজন নেতাক নিৰ্বাচিত কৰক।"

কংগ্ৰেছত থাকোতে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্রী নপতাৰ কাৰণ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰিয়ংকা গান্ধীয়ে কয়, "ৰাজনীতিত বহুত নিৰ্ণয় হয়। ৰাজনীতিত কেতিয়াবা কেতিয়াবা কিছুমান সিদ্ধান্ত নিজৰ বিৰুদ্ধে আৰু কেতিয়াবা নিজৰ পক্ষত হয়। ৰাজনীতিত সহ্য কৰিব লাগিব। দহ বছৰ পাছতো যদি তেওঁ সেই কথাবোৰক লৈয়ে কান্দি আছে তেন্তে মইনো আৰু কি ক'ম। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰ কৰি অসমৰ জনতাৰ লগত বিশ্বাসঘাতকতা কৰিছে। এই সম্পত্তি অসমৰ জনতাৰ। অসমৰ জনতাই সকলো দেখি আছে। দেখি আছে যেতিয়া উপলব্ধি কৰিছে যে পৰিৱৰ্তনৰ সময় আহি পৰিছে।"

আনহাতে, ৰাজীৱ ভৱনত হোৱা বৈঠক সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কয়, "মই সকলোৰে লগত পৃথকে পৃথকে আলোচনাত মিলিত হৈছো। বৃহস্পতিবাৰে বহু নিশালৈ আলোচনা হৈছে। মই পুনৰ আহিম। এতিয়া কামখিনি ভালদৰে হোৱাতো বিচাৰিছো। স্ক্ৰিনিং কমিটীৰ সদস্যসকলে বিভিন্ন স্থানলৈ গৈ সকলোৰে লগত কথা পাতিছে । শীঘ্ৰে বাকী কামবোৰ সম্পন্ন কৰা হ'ব।"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা অভিযোগনামা সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, "আমি কোনো নতুন কথা কোৱা নাই। ৰাইজে সকলো জানে। কিদৰে অসমৰ ৰাইজৰ সম্পত্তি ডাঙৰ ডাঙৰ উদ্যোগপতি আৰু এটা পৰিয়ালক দিয়া হৈছে সেয়া অসমৰ ৰাইজে দেখি আছে। আমাৰ দলে সেই সকলোবোৰক একলগ কৰি প্ৰকাশ কৰিছে, যাতে সকলোৱে চাব পাৰে।"

এইদৰে দুদিনীয়া ভ্ৰমণসূচীত ধাৰাবাহিকভাৱে ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰি আজি দুপৰীয়াৰ ভাগত দিল্লীলৈ উৰা মাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰিয়ংকা গান্ধী।

প্ৰিয়ংকা গান্ধী