সাংসদ হিচাপে শপত ল'লে প্ৰিয়ংকা গান্ধীয়ে...

কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভাৰ উপ-নিৰ্বাচনত ৪ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৫২ বছৰীয়া কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। সেয়ে আজি প্ৰিয়ংকা গান্ধীয়ে সাংসদ হিচাপে শপত গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্কঃ  আজি ১১ বজাত সংবিধানখন হাতত তুলি লৈ শপত গ্ৰহণ কৰে কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধী বাড্ৰাই। কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভাৰ উপ-নিৰ্বাচনত জয় লাভ কৰিছিল কংগ্ৰেছে।

ইয়াৰ পিছত আজি প্ৰিয়ংকা গান্ধীয়ে সাংসদ হিচাপে শপত গ্ৰহণ কৰে। প্ৰিয়াংকাৰ সৈতে সংসদত উপস্থিত থাকে ভাতৃ ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধী। সংসদত মাতৃ, ভাতৃৰ পাছত গান্ধী পৰিয়ালৰ তৃতীয় গৰাকী সদস্য হ'ব প্ৰিয়ংকা।

শপত গ্ৰহণৰ সময়ছোৱাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে মাতৃ আৰু ভাতৃ ৰাহুল গান্ধীক হাতজোৰ কৰি অভিবাদন জনাই প্ৰিয়ংকাই। শপত গ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত "এয়া মোৰ কাৰণে অন্যন্ত সুখৰ সময়" মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভাৰ উপ-নিৰ্বাচনত ৪ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৫২ বছৰীয়া কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

প্ৰিয়ংকা গান্ধী