ৰাষ্ট্ৰীয় ঘাইপথত জৰুৰী অৱতৰণ কেদাৰনাথ অভিমুখী হেলিকপ্টাৰৰ : কথমপি প্ৰাণ ৰক্ষা পৰিল ৬ যাত্ৰীৰ

কেদাৰনাথ ধামলৈ গৈ থকা অৱস্থাতে এক ভয়ংকৰ বিপদৰ পৰা জীৱন ৰক্ষা পৰে ৬গৰাকী যাত্ৰীৰ। জানিব পৰা মতে শনিবাৰে এখন ব্যক্তিগত হেলিকপ্টাৰেৰে কেদাৰনাথলৈ যাত্ৰা কৰিছিল ৬গৰাকী তীৰ্থ যাত্ৰী। 

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ঘাইপথত জৰুৰী অৱতৰণ

ডিজিটেল ডেস্ক : কেদাৰনাথ ধামলৈ গৈ থকা অৱস্থাতে এক ভয়ংকৰ বিপদৰ পৰা জীৱন ৰক্ষা পৰে ৬গৰাকী যাত্ৰীৰ। জানিব পৰা মতে শনিবাৰে এখন ব্যক্তিগত হেলিকপ্টাৰেৰে কেদাৰনাথলৈ যাত্ৰা কৰিছিল ৬গৰাকী তীৰ্থ যাত্ৰী। 

Advertisment

আটাইকেইগৰাকী যাত্ৰীয়ে দুপৰীয়া এ ডি ডব্লিঅ’ ১১৯ নম্বৰৰ হেলিকপ্টাৰখনেৰে কেদাৰনাথ অভিমুখে যাত্ৰা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে উক্ত হেলিকপ্টাৰখনৰ আকাশমাৰ্গত যান্ত্ৰিক বিজুতিৰ সৃষ্টি হয়। ফলত চালক আৰ পি এছ সোধীয়ে ততাতৈয়াকৈ গুপ্তকাশীৰ ৰাষ্ট্ৰীয় ঘাইপথত হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰায়। 

উল্লেখযোগ্য যে, হেলিকপ্টাৰখন সুচাৰুৰূপে অৱতৰণ কৰিলেও চালক সোধী কিছু পৰিমাণ আঘাতপ্ৰাপ্ত হয়। অৱশ্যে বাকীসকল যাত্ৰীৰ কোনো ক্ষয় –ক্ষতি হোৱা নাই। তেওঁলোকক সম্পূৰ্ণ সুস্থ অৱস্থাতে হেলিকপ্টাৰখনৰ পৰা উদ্ধাৰ কৰা হয়। হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰাৰ ফলত এখন চাৰিচকীয়া বাহন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

kedarnath