ভবা কথা নহয় সিদ্ধি ! ক্ষন্তেক সময়ৰ 'মুক্ত পক্ষী' ৰুবুল ইছলামৰ দেহত লাগিল বন্দীত্বৰ শিকলি...

author-image
Asomiya Pratidin
New Update
ভবা কথা নহয় সিদ্ধি ! ক্ষন্তেক সময়ৰ 'মুক্ত পক্ষী' ৰুবুল ইছলামৰ দেহত লাগিল বন্দীত্বৰ শিকলি...

morigaon

ডিজিটেল ডেস্কঃ ভবা কথা নহয় সিদ্ধি ! এই কথা পুনৰ বাৰ প্ৰমাণ হ'ল ৰুবুলৰ লগত। চিকিৎসালয়ৰ বিচনাত পৰি পৰি ৰুবুলে ভাবিছিল কিবা এটা কৰি চিকিৎসালয়খনৰ পৰা পলায়ন কৰিবলৈ পালেই ৰক্ষা। গুছি যাব বহুত দূৰলৈ। কোনেও বিচাৰি নোপোৱা এখন ঠাইলৈ !

মৰিগাওঁ অসামৰিক চিকিৎসালয়ৰ বিচনাত হাতত হেণ্ডকাফ লৈ চিকিৎসাধীন হৈ থকা ৰুবুলে বিচনাত পৰি পৰিয়েই বিচাৰি আছিল সুযোগ। অৱশেষত ৰুবুলে বৃহস্পতিবাৰে নিশা হাস্পতালখনৰ পৰা ওলাই যোৱাৰ পথ বিচাৰি পালে।

নিশা হাস্পতালৰ চিলিং ভাঙি ওলাই গ'ল ৰুবুল। যেন বহু দিন বন্দী হৈ থকা পক্ষীয়ে বিচাৰি পালে মুক্ত আকাশ! হাস্পতালৰ চিলিং ভাঙি নিশা পলাই যোৱা ৰুবুলে লগত লৈ গ'ল বন্দীত্বৰ স্বাক্ষৰ।

মৰিগাওঁ আৰক্ষীয়ে ৰুবুলৰ হাতত লগাই থোৱা হেণ্ডকাফ ডালৰ সৈতেই গুছি গৈছিল নিশা। সেয়াই হ'ল কাল ! বৰ বেছি দূৰ পলাই যাবলৈ নোৱাৰিলে ৰুবুল। পুনৰ মৰিগাওঁ আৰক্ষীয়ে হেণ্ডকাফৰ সৈতে ক্ষন্তেক সময়ৰ 'মুক্ত পক্ষী' ৰুবুলক হেণ্ডকাফসহ কৰিলে বন্দী।

নিশা পলায়ন কৰা ৰুবুল নিশাই পুনৰ হ'ল বন্দী। বৰিবজাৰ আউটপোষ্টৰ এন ডি পি এছ গোচৰৰ আচামী ৰুবুল ইছলামৰ এই কাণ্ডই এতিয়া মৰিগাওঁ চিভিল হাস্পতালত একাংশক আমোদ দিয়াৰ লগতে আন একাংশ সচেতন লোকক চিন্তিত কৰি তুলিছে।

বহুতেই প্ৰশ্ন উত্থাপন কৰিছে কি দৰে ৰুবুল ইছলাম নামৰ এই আচামীটোৱে চিভিল হাস্পতালৰ চিলিং ভাঙি পলায়ন কৰিবলৈ সক্ষম হ'ল? কিয় আচামীটোক লৈ দায়িত্বহীন মৰিগাওঁ আৰক্ষী?

morigaon