Advertisment

টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীক যৌন উৎপীড়ন ভাঃ অধ্যক্ষৰ

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা মমিণ শইকীয়া নামৰ শিক্ষকৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ছয়দুৱাৰঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত গহপুৰৰ এগৰাকী লম্পট স্বভাৱৰ শিক্ষকে লজ্জানত কৰিছে শিক্ষক সমাজক। গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা মমিণ শইকীয়া নামৰ শিক্ষকৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ । 

Advertisment

কলাবাৰীৰ কামদেৱালৰ দুটি সন্তানৰ পিতৃ ভাৰপ্ৰাপ্ত অধ্যক্ষ মমিণ শইকীয়াই শুকুৰবাৰে বিদ্যালয়ৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক নিজৰ অফিচ ৰুমৰ ভিতৰত যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । দিনৰ প্ৰায় ১১-৩০ বজাত ছাত্ৰী গৰাকীক অফিচ ৰুমৰ ভিতৰলৈ মাতি নি ছাত্ৰীগৰাকীক যৌন উৎপীড়ন চলোৱা শিক্ষক মমিণ শইকীয়াই এইবোৰ কথা কাকো নক’বলৈ অনুৰোধ কৰে ছাত্ৰী গৰাকীক।

যদি এই কথা পিতৃ-মাতৃৰ লগতে আন কাৰোবাক কয় তেন্তে পৰীক্ষাত ফেইল কৰোৱাৰ ভাবুকি দিয়ে ছাত্ৰীগৰাকীক। পিছত ছাত্ৰীগৰাকীয়ে ঘৰলৈ গৈ সমস্ত কথা পৰিয়ালৰ লোকক কৈ দিয়ে। শনিবাৰে উক্ত ঘটনা সংক্ৰান্তত ছাত্রীগৰাকীৰ মাতৃয়ে হেলেম আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ মমিণ শইকীয়াক।গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সনা এইগৰাকী চৰিত্ৰহীণ শিক্ষকে দৃষ্টান্তমূলক শাস্তি পোৱাৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে।

যৌন নিৰ্যাতন