ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলা কাৰাগাৰেই পৰিচয় হ’ব এতিয়া বনমালী সূতৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ তথা মূল অভিযুক্ত যোগেশ বৰুৱাৰ। সোমবাৰে এইজন ঘাই অভিযুক্ত যোগেশ বৰুৱাক জে’ললৈ প্ৰেৰণ কৰে আদালতে ।
মানৱ সম্পদ গঢ়াৰ অদম্য খনিকৰ, শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰধানাচাৰ্য বনমালী সূতৰ আত্মহত্যা ঘটনাৰ মূল অভিযুক্ত যোগেশ বৰুৱা (ধনকণ)সহ ৩ জনৰ শেষ আশ্ৰয় হ’ল লখিমপুৰ জিলা কাৰাগাৰ । সোমবাৰে ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদৰ্শক কৃষ্ণ বাহাদুৰ ছেত্ৰীয়ে উক্ত গোচৰৰ ধৃত মূল "মাষ্টাৰ মাইণ্ড" যোগেশ বৰুৱা , সহযোগী অভিযুক্ত নৱ কোঁৱৰ আৰু প্রিয়ৰাম ফুকনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ।
আদালতে অসৎ প্ৰকৃতিৰ ব্যক্তি কেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰোপৰি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত মৃতকৰ আত্মীয়ৰ হৈ এগৰাকী মহিলাই সাক্ষ্য প্ৰদান কৰে । অন্যহাতে ঢকুৱাখনা আৰক্ষীয়ে অন্য ১৫ গৰাকী অভিযুক্তক আটক কৰিবলৈ ব্যাপক অভিযান চলাই আছে ।
আৰক্ষী সূত্ৰই জনোৱা মতে এইসকল অন্যতম অভিযুক্ত সম্প্ৰতি ঘৰৰ পৰা আঁতৰি আত্মগোপন কৰি আছে । স্মৰ্তব্য যে এই দুষ্কাৰ্যৰ সৈতে নাম সাঙোৰ খাইছে চৰকাৰী চাকৰিজীৱী তথা ডাংধৰা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰবীন দত্ত , ঢকুৱাখনা উন্নয়ন খণ্ডৰ গাণনিক মৃদুল চুতীয়া, ঢকুৱাখনা স্বাস্থ্যখণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড মিছন সমন্বয়ক বিষ্ণু চেতিয়া । এইসকল চৰকাৰী বেতনভোগী অভিযুক্ত কৰ্মথলীত অনুপস্থিত থকা বুলি জানিব পৰা গৈছে ।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ঢকুৱাখনাৰ বিনয়ী শিক্ষাবিদ, মিষ্টভাষী প্ৰধানাচাৰ্য বনমালি সূতক আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন কৰি মৃতকৰ পত্নীয়ে ঢকুৱাখনা সদৰ থানাত ৰুজু কৰিছিল গোচৰ । এই গোচৰৰ ভিত্তিতে ঢকুৱাখনা আৰক্ষীয়ে অভিযান চলাই দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল এই তিনি খলনায়কক ।
ৰাজ্যখনৰ শৈক্ষিক জগতখনক জোকাৰি যোৱা এই মৰ্মান্তিক ঘটনাৰ সতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত দেওবাৰে ঘাঁহি গাঁৱৰ ন্যায়কামী ৰাইজে থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল । দাবী জনাইছিল যে সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ।
ইফালে ঢকুৱাখনা কঁপাই যোৱা এই পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰে ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিছে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই। ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদীপ বৰাৰ সহযোগিতাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্য দাস আৰু সম্পাদক ৰাজ বৰাই সোমবাৰে ঢকুৱাখনা সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাক সাক্ষাৎ কৰি এই দাবী উত্থাপনেৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে ।
উল্লেখনীয় যে এইজন মতলবী ব্যক্তি যোগেশ বৰুৱাক ঢকুৱাখনা ব্যৱসায় সন্থাৰ সভাপতিৰ পদৰ পৰা অপসাৰণ কৰিছে ব্যৱসায় সন্থাই । লক্ষণীয়ভাৱে ঢকুৱাখনাৰ অন্য কিছুমান সংগঠনৰ নেতৃত্বই এইক্ষেত্ৰত লক্ষ্যণীয়ভাৱে নীৰৱতা গ্ৰহণ কৰাত ঢকুৱাখনাবাসী ক্ষুব্ধ আৰু অসন্তুষ্ট । ইপিনে সোমবাৰে মানৱ অধিকাৰ আয়োগৰ এগৰাকী প্ৰতিনিধি মৃতকৰ ঘৰত উপস্থিত হৈ আত্মীয়ৰে বার্তালাপ কৰে আৰু স্থানীয় ৰাইজৰ পৰা ঘটনাৰ চাক্ষুক বিৱৰণ সংগ্ৰহ কৰে ।