/asomiyapratidin/media/media_files/2025/07/21/ap-for-web-khaled-2025-07-21-11-07-03.jpg)
ডিজিটেল ডেস্ক : এবছৰ, দুবছৰ নহয়, সুদীৰ্ঘ ২০ টা বছৰৰো অধিককাল হাস্পতালৰ ক’মাত থাকি চিকিৎসা গ্ৰহণ কৰা ৰাজকুমাৰ আৰু নাই। ২০ বছৰ ধৰি জীৱন- মৃত্যুৰে ক’মা থাকি যুঁজি অৱশেষত মৃত্যুবৰণ কৰিলে ছৌদি আৰৱৰ ৰাজকুমাৰ আল ৱালিদ বিন খালেদে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৬ বছৰ।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ পৰা ২০ বছৰ পূৰ্বে লণ্ডনৰ এক পথ দুৰ্ঘটনাত যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল ৰাজকুমাৰ খালেদ। তাৰ পাছতে অচেতন হৈ পৰা খালেদক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
হাস্পতালত এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত দিনে- নিশাই চিকিৎসা চলাই থকাৰ লগতে অচেতন হৈ থকা খালেদক ২০ বছৰ ধৰি ক’মা কক্ষত ৰাখিব লগা হৈছিল। মগজুত যথেষ্ট পৰিমাণে আঘাত পোৱা বাবেই তেওঁ অত দিনে অচেতন হৈ আছিল।