/asomiyapratidin/media/media_files/2025/04/26/62CzCIthxF8cfBnnHIhE.jpg)
ডিজিটেল ডেস্কঃ পেহেলগামৰ বৰ্বৰ আক্ৰমণৰ পাছত ভাৰতে গ্ৰহণ কৰা নীতিক লৈ এতিয়া হাঁহাকাৰ লাগিছে পাকিস্তানত। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তান এতিয়া ওলোটাই ভাবুকি দিছে ভাৰতক।
উল্লেখ্য যে, পেহেলগামৰ ঘটনাৰ পাছতে ভাৰতে পাৰিস্তানৰ সৈতে সিন্ধু জল চুক্তি বাতিল কৰিছিল। ইয়াৰ পিছতে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত থকা পাকিস্তানী নাগৰিকক উভতাই পঠাবলৈ কঠোৰ নিৰ্দেশ দিছিল গৃহ মন্ত্ৰালয়ে। ভাৰত চৰকাৰৰ এই কঠোৰ প্ৰদক্ষেপক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ছাহবাজ শ্বৰীফে ভাৰতক ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব বুলি ভাবুকিসূচক মন্তব্য কৰিছে।
পাকিস্তানৰ সৈনিক একাডেমীৰ এক অনুষ্ঠানত ভাগ লোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে আমাৰ ওপৰত কৰা প্ৰত্যক্ষ আৰু পৰোক্ষ সকলো আক্ৰমণৰে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব।
ইফালে পাকিস্তানৰ পূৰ্ব বিদেশ মন্ত্ৰী তথা বৰ্তমানৰ পাকিস্তান পিপুলছ পাৰ্টিৰ অধ্যক্ষ বিলাৱল ভট্ট জৰদাৰীয়ে সিন্ধু জল চুক্তি বাতিলক লৈ ভাৰতক ধমকি দি কয় যে, সিন্ধু নদী আমাৰ আৰু ভৱিষ্যতলৈ আমাৰেই হৈ থাকিব। এই নদীত হয়তো পানী বৈ থাকিব, নহ'লে তেওঁলোকৰ তেজ ব'ব।
পাকিস্তান চৰকাৰে এই সিন্ধু চুক্তি বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সিন্ধু নদীৰ জলৰাশিৰ পৰা পাকিস্তানক যদিহে বঞ্চিত কৰা হয়, তেন্তে এয়া যুদ্ধৰ আগজাননী বুলি গণ্য কৰি পাকিস্তানে ব্যৱস্থা গ্ৰহণ কৰিব। পাকিস্তানৰ এই শেহতীয়া ভাবুকিক লৈ এতিয়ালৈকে ভাৰতে অৱশ্যে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।