/asomiyapratidin/media/media_files/2025/01/19/ibtOxyfa4OGEiQGf0b7o.jpg)
ডিজিটেল ডেস্কঃ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয় অনুষ্ঠান ‘’মন কী বাত’’ৰ আজিৰ খণ্ডত অসমৰ সামাজিক সংস্থা "হাতীবন্ধু"ৱে হাতী-মানুহৰ সংঘাত হ্রাস কৰিবলৈ গ্রহণ কৰা দীর্ঘম্যাদী প্রচেষ্টাৰ বিষয়ে বিস্তৃতভাবে উল্লেখ কৰে।
অসমৰ নগাও জিলাৰ চাপানালা ৰংহাং কার্বি গাঁৱৰ সামাজিক সংগঠন "হাতীবন্ধু"ৱে আৰম্ভ কৰা যুগান্তকাৰী প্রচেষ্টাক ৰাষ্ট্ৰীয় পর্যায়ত তুলি বৰাৰ বাবে মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ডাঙৰীয়াক বিজেপি অসম প্রদেশৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভবনৰ পৰা সংবাদ মাধ্যমলৈ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই প্রেৰণ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰিছে।
শ্রী শর্মাৰ মতে প্রকৃতিৰ সৈতে সহাৱস্থান কৰাৰ বাণী সনাতন সংস্কৃতিত আদিকালৰে পৰা গভীৰভাৱে শিপাই থকাৰ কথা চাপানালা ৰংহাং কার্বি গাঁৱৰ জনসাধাৰণে গ্রহণ কৰা অভিনৱ পদক্ষেপৰ জৰিয়তে আকৌ এবাৰ প্রমাণিত হৈছে। উল্লেখযোগ্য যে গাঁওখনৰ প্রকৃতি প্রেমী ৰাইজে নেপিয়াৰ ঘাঁহ আৰু ধান ৰোপণ কৰি বনৰীয়া হাতীক খাদ্য যোগান ধৰাৰ এক অভিনৱ কিন্তু বহনক্ষম পদ্ধতি আৰম্ভ কৰাৰ জৰিয়তে হাতীয়ে শস্য ধ্বংস কৰা কার্য ৰোধ কৰিবলৈ সক্ষম হৈছে।
এই পদক্ষেপে মানুহ আৰু কন্যপ্রাণীৰ মাজত এক অলিখিত বুজাবুজিৰ সৃষ্টি কৰাৰ জৰিয়তে প্রাকৃতিক ভাবে সমন্বয়ৰ বাৰ্তা বহন কৰা বুলি ৰাজ্যিক মুখপাত্র শ্রীশর্মাই কয়। উল্লেখযোগ্য যে "হাতীবন্ধু" নামৰ সংস্থাটো গঠন কৰাৰ লগতে সমগ্র সমাজৰ বাবে এক প্রেৰণাদায়ক আদর্শ দাঙি ধৰি শ্রী প্রদীপ কুমাৰ ভুঞা আৰু শ্রী বিনোদ দুলু বৰাই হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত এক নতুন পথৰ সন্ধান দিছে। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে শ্রীভুঞা আৰু শ্রীবৰা প্ৰমুখ্যে "হাতীবন্ধু" পৰিয়াল আৰু অঞ্চলবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ কথা বিবৃতিত উল্লেখ কৰা হৈছে।
সমগ্র দেশৰ লগতে অসমতো লাখ লাখ দলীয় কার্যকর্তাই প্রধানমন্ত্রী শ্রীযুত নৰেন্দ্র মোদী ডাঙৰীয়াৰ জনপ্রিয় ৰেডিঅ' অনুষ্ঠান "মন কী বাত" শ্রবণ কৰে। দলৰ ৰাজ্যিক সভাপতি দিলিপ শইকীয়াই বৰপেটা জিলাৰ বৰপেটা ৰোডস্থিত ১৪৩ নং বুথত উপস্থিত হৈ স্থানীয় কার্যকর্তাৰ সৈতে "মন কী বাত" শ্রবণ কৰাৰ লগতে মত-বিনিময়ো কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পিছতে শ্রী শইকীয়াই আজি প্রথমটো "মন কী বাত" অনুষ্ঠানত অংশগ্রহণ কৰাৰ লগতে বৰপেটা জিলাৰ প্রবাসো কৰে।
আনহাতে দলৰ সাংগঠনিক সাধাৰণ সম্পাদক জী আৰ ৰবিন্দ্র ৰাজুৱে গুৱাহাটী মহানগৰ জিলাৰ অন্তর্গত বিমানকোঠ মণ্ডলৰ ৩২ নং বুখত স্থানীয় ৰাইজ আৰু দলীয় কার্যকর্তাৰ সৈতে "মন কী বাত" অনুষ্ঠানত অংশগ্রহণ কৰে। ঠিক একেদৰে অসম চৰকাৰৰ জেষ্ঠ্য মন্ত্রী পিযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা আৰু শ্রীনন্দিতা গার্লোচাই অসম অলিম্পিক সংস্থাৰ বিষয়-ববীয়া সকলৰ লগতে যথেষ্ঠ সংখ্যক ক্রীড়াপ্রেমীৰ উপস্থিতিত সৰুসজাই ক্রীড়া প্রকল্পস্থলীত আয়োজিত এক বিশেষ অনুষ্ঠানত "মন কী বাত" শ্রবণ কৰে।
ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই জানিবলৈ দিয়া মতে দলৰ ৩৯ খন সাংগঠনিক জিলাৰ ৪৩৩ টা মণ্ডল সমিতিৰ অন্তর্গত ৭৫১৭ টা শক্তিকেন্দ্ৰৰ অধীনত থকা ২৮৫৩২ টা বুথত ১০ লাখত কৈ অধিক বিজেপি কার্যকর্তাই আজি "মন কী বাত" অনুষ্ঠান শ্রবণ কৰাৰ লগতে আগন্তুক পঞ্চায়ত নির্বাচনৰ বিষয়েও মত-বিনিময় কৰে ।