দীনদয়াল উপাধ্যায়ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চেষ্টা

অখণ্ড মানৱতাবাদৰ দৰ্শনক গঢ় দিয়া পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ঐতিহাসিক বক্তৃতাৰ ৬০ সংখ্যক বৰ্ষৰ স্মৃতিচাৰণৰ সময়তে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে কাৰ্যভাৰৰ ১১ বছৰ সম্পূৰ্ণ কৰে। এই সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠান নিউজ ১৮য়ে এক প্ৰতিবেদন যুগুত কৰিছে। 

author-image
Asomiya Pratidin
New Update
deen dayal

ডিজিটেল ডেস্ক : অখণ্ড মানৱতাবাদৰ দৰ্শনক গঢ় দিয়া পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ঐতিহাসিক বক্তৃতাৰ ৬০ সংখ্যক বৰ্ষৰ স্মৃতিচাৰণৰ সময়তে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে কাৰ্যভাৰৰ ১১ বছৰ সম্পূৰ্ণ কৰে। এই সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠান ইম্পেক্ট শ্বৰ্টছে এক প্ৰতিবেদন যুগুত কৰিছে। 

Advertisment

সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰতিবেদনত উল্লেখ কৰে- নৰেন্দ্ৰ মোদীয়ে দীনদয়াল উপাধ্যায়ক লগ পোৱা নাই যদিও তেওঁ নিশ্চিতভাৱে উপাধ্যায়ৰ অন্যতম উত্তম প্ৰতিনিধি হিচাপে আত্মপ্ৰকাশ কৰিছে। মোদীৰ শাসন কৰা পদ্ধতি, দৃষ্টিভংগী আৰু কাৰ্মৰ জৰিয়তে উপাধ্যায়ৰ চিন্তা- চেতনাক ফুটাই তুলিবলৈ প্ৰয়াস কৰিছে।

উল্লেখযোগ্য যে, আৰ এছ এছৰ প্ৰচাৰক উপাধ্যায়ক ১৯৫১ চনত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আণ্ডাৰষ্টাডি হিচাপে নৱগঠিত জনসংঘত নিয়োগ কৰা হৈছিল। তেওঁ পৰৱৰ্তী সময়ত ১৫ বছৰলৈ নতুন ৰাজনৈতিক দলটোৰ ভেটি স্থাপনৰ ক্ষেত্ৰতো অহোপুৰষাৰ্থ কৰিছিল। যাৰ যোগেদি উপাধ্যায়ৰ কৰ্ম দক্ষতা, দৃষ্টিভংগীৰ উমান পোৱা গৈছিল জনসংঘত। 

সেই একেই দৃষ্টিভংগীৰে মোদীয়ে বিজেপিৰ সাংগঠনিক ভেটি নিৰ্মাণ, দলৰ নীতি- নিয়মসমূহত অৱলম্বন কৰাৰ চেষ্টা অৱ্যাহত ৰাখিছে। উপাধ্যায়ে যেনেকৈ জনসংঘৰ মেৰুদণ্ড হিচাপে কাম- কাজ চলাই গৈছিল তদ্ৰুপ মোদীয়েও বিজেপিৰ মেৰুদণ্ড হিচাপে কাম- কাজ চলাই যোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী