প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ LIVE : মৰাণৰ ই এল এফত প্ৰদৰ্শিত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব । কিছু সময় পাছতে মোডীক কঢ়িয়াই অনা বিমানে অসমৰ ভূমিত অৱতৰণ কৰিব। গুৰুত্বপূৰ্ণ কথা যে, এইবাৰ তেওঁ পদাৰ্পণ কৰিব বায়ুসেনাই সাজু কৰি ৰখা বিশেষ এয়াৰ ফিল্ডত। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
MODI LIVE.jpg

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব । কিছু সময় পাছতে মোডীক কঢ়িয়াই অনা বিমানে অসমৰ ভূমিত অৱতৰণ কৰিব। গুৰুত্বপূৰ্ণ কথা যে, এইবাৰ তেওঁ পদাৰ্পণ কৰিব বায়ুসেনাই সাজু কৰি ৰখা বিশেষ এয়াৰ ফিল্ডত। 

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰী কৰা অনুসৰি শনিবাৰে পুৱা ৭.১৫ বজাত নতুন দিল্লীৰ পৰা চাবুৱা অভিমুখে যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰধানমন্ত্রীগৰাকীয়ে পুৱা ৯.৫০ বজাত চাবুৱা এয়াৰ ফিল্ডত উপস্থিত হ’ব । ১০ বজাত চাবুৱাৰ পৰা মৰাণলৈ আহিব । মৰাণৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডত বা এডভান্স লেণ্ডিং ফিল্ডত প্ৰধানমন্ত্রীগৰাকীয়ে অৱতৰণ কৰিব ।

ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা এই ইমাৰজেন্সী লেণ্ডিং ফিল্ডৰ সমীপত নিৰ্মাণ কৰা মঞ্চত উপস্থিত হ'ব প্ৰধানমন্ত্রীগৰাকী । সেই স্থানৰ পৰাই প্ৰধানমন্ত্রীগৰাকীয়ে আধা ঘণ্টা সময়ৰ বাবে ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰিব ।

ইমাৰজেন্সী লেণ্ডিং ফিল্ডত বায়ুসেনাৰ বিমান অৱতৰণ আৰু উৰণ কৰিব । ১৬ খন যুদ্ধ বিমানৰ একাংশই ইমাৰজেন্সী লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব আৰু আন একাংশ বিমানে আকাশমাৰ্গত উৰণ কৰি বিভিন্ন কৌশল প্ৰদৰ্শন কৰিব । ভাৰতীয় বায়ুসেনাৰ ছুখই, ৰাফেল আদি যুদ্ধ বিমানে এয়াৰ শ্ব' কৰিব আৰু কেইবাখনো বিমান ৰাস্তাৰ ওপৰত অৱতৰণ কৰিব ।

ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰি দিনৰ ১২.৩০ বজাত প্ৰধানমন্ত্রীয়ে মৰাণৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডৰ পৰাই বিশেষ বিমানযোগে গুৱাহাটীলৈ আহিব ৷ গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্রীয়ে প্ৰথমে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰবৰ্মা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিব । দিনৰ ১ বজাৰ পৰা ১.১৫ বজালৈ প্ৰধানমন্ত্রী সেতুখনত থাকি সেতুখন প্ৰত্যক্ষ কৰিব ।

প্ৰধানমন্ত্রীয়ে দলঙখন উদ্বোধন কৰাৰ পাছত লাচিত ঘাটলৈ আহিব । লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে আই আই এম গুৱাহাটীৰ অস্থায়ী চৌহদটো মুকলি কৰিব । এই অস্থায়ী চৌহদটো বঙৰাত হ'ব । আই আই এম গুৱাহাটী পলাশবাৰীত স্থায়ীভাৱে নিৰ্মাণ কৰা হ'ব । 

লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্রীয়ে আমিনগাঁৱত এন আই চিয়ে কৰা ডাটা চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব । তদুপৰি প্ৰধানমন্ত্রীয়ে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বাবে দিয়া ১০০ খন ইলেক্ট্ৰনিক বাছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ।
লাচিত ঘাটৰ পৰা ২ বজাত প্ৰধানমন্ত্রী খানাপাৰালৈ ৰাওনা হ'ব । খানাপাৰাত দিনৰ ২ বজাৰ পৰা ৩ বজালৈ আয়োজন কৰা

বিজেপিৰ 'বুথ বিজয় সন্মিলন'ত প্ৰধানমন্ত্রীয়ে অংশগ্ৰহণ কৰিব । ৰাজ্যৰ প্ৰায় এক লাখ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাই এই সন্মিলনত অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্রীয়ে বুথ বিজয় সন্মিলন উদ্বোধন কৰি কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব । তাৰপিছত বিয়লি প্ৰধানমন্ত্রী নতুন দিল্লী অভিমুখে ৰাওনা হ'ব ।

  • Feb 14, 2026 15:41 IST

    আজি মই গুৱাহাটীত ১০০খন নতুন ইলেক্ট্ৰিক বাছ মুকলি কৰিছোঃ প্ৰধানমন্ত্ৰী

    • ‘আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন উদ্বোধন কৰা হৈছে’
    • ‘এই দলংখন কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে নামাকৰণ কৰা হৈছে’
    • ‘কংগ্ৰেছ চৰকাৰ হোৱা হ’লে দলংখনৰ নাম নিজৰ পৰিয়ালৰ নামতেই নামাকৰণ কৰিলেহেঁতেন’
    • ‘এই নতুন সেতুখনৰ বাবে গুৱাহাটী বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰবিন্দু হৈ পৰিব’
    • ‘আগন্তুক সময়ত আৰু নতুন দলঙৰ বাবে কাম চলি আছে’
    • ‘সকলো সেতু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত অসমৰ বিকাশ তীব্ৰগতিত হ’ব’
    • ‘অসমৰ চাহৰ দৰে অসমত নিৰ্মাণ কৰা চিপছেও সমগ্ৰ বিশ্বতেই চৰ্চা লাভ কৰিব’
    • ‘বিজেপি চৰকাৰে AIIMS গুৱাহাটীৰো নিৰ্মাণ কৰিছে’
    • ‘কোনো লোক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ’লে চিকিৎসাৰ বাবে কেন্দ্ৰৰ পৰা ডেৰ লাখ টকা লাভ কৰিব’
    • ‘আজি মই গুৱাহাটীত ১০০খন নতুন ইলেক্ট্ৰিক বাছ মুকলি কৰিছো’
    • ‘কংগ্ৰেছ চৰকাৰে অসমক অশান্ত কৰি ৰাখিছিল’
    • ‘বিজেপি চৰকাৰে অসমত শান্তি বিয়পোৱাৰ লগতে বিকাশৰ বাবে তীব্ৰগতিত কাম কৰি আছে’
    • '১০ বছৰ শাসনত নথকা বাবে কংগ্ৰেছ অধিক বিষাক্ত হৈ পৰিছে'
    • খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ।



  • Feb 14, 2026 15:27 IST

    অসমবাসীয়ে কংগ্ৰেছৰ পৰা সাৱধান হৈ থাকিব লাগেঃ প্ৰধানমন্ত্ৰী মোডী

    • ‘দৰিদ্ৰ লোকে ঘৰ, শৌচালয়, বিশুদ্ধ খোৱাপানী পালে পূণ্য লাভ কৰা হয়’
    • ‘এই পূণ্যৰ অংশীদাৰ বিজেপিৰ বুথৰ প্ৰতিগৰাকী কৰ্মী’
    • ‘ভাৰতে সন্ত্ৰাসবাদীক দিয়া শাস্তিৰ সাক্ষী সমগ্ৰ বিশ্ববাসী’
    • ‘মা ভাৰতীক সন্মান নকৰা কংগ্ৰেছে ভাৰতৰ হিতৰ বাবে কাম কৰিব নোৱাৰে’
    • ‘কংগ্ৰেছৰ দিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসী শংকিত হৈ আছিল’
    • ‘কংগ্ৰেছৰ দিনত সেনা বাহিনীৰ বাবে সা-সামগ্ৰী ক্ৰয় কৰা মানেই কেলেংকাৰী সংঘটিত কৰা’
    • ‘কংগ্ৰেছে ভাবে যে মোডীয়ে সকলো উন্নয়নমূলক কাম কেনেকৈ কৰে’
    • ‘সেয়েহে অসমবাসীয়ে কংগ্ৰেছৰ পৰা সাৱধান হৈ থাকিব লাগে’
    • ‘স্বাধীনতাৰ পৰা ২০১৪লৈকে কংগ্ৰেছ চৰকাৰে ব্ৰহ্মপুত্ৰত কেৱল তিনিখন দলং নিৰ্মাণ কৰিছিল’
    • 'বিজেপি চৰকাৰে মাত্ৰ ১০ বছৰত ৫খনকৈ নতুন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিলো'
    • ভাষণ প্ৰসংগত এনেদৰে কয় প্ৰধানমন্ত্ৰী মোডীয়ে।



  • Feb 14, 2026 15:15 IST

    ১১ বছৰত কেন্দ্ৰ চৰকাৰৰ পৰা অসমে ৫.৫ লাখ কোটি টকাতকৈ অধিক ধন লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী

    • ‘বিগত ১১ বছৰত কেন্দ্ৰ চৰকাৰৰ পৰা অসমে ৫.৫ লাখ কোটি টকাতকৈ অধিক ধন লাভ কৰিছে’
    • ‘অসমৰ বিকাশৰ বাবে পইচা নিদিয়া কংগ্ৰেছে ৰাজ্যৰ বিকাশ কৰিব নোৱাৰে’
    • ‘এইবাৰ বাজেটত উত্তৰ-পূবৰ যোগাযোগৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে’
    • ‘সেয়েহে ঘাইপথ নিৰ্মাণৰ বাবে হাজাৰ কোটি টকা আৱন্টন কৰা হৈছে’
    • ‘পৰ্যটনৰ ক্ষেত্ৰত অসমতৈ ভাল স্থান নাই’
    • ‘অসমত এনে ঘাইপথ নিৰ্মাণ হৈছে য’ত বাহনৰ লগতে উৰা জাহাজো অৱতৰণ কৰিব পাৰে’
    • খানাপাৰাত প্ৰধানমন্ত্ৰীৰ ভাষণ



  • Feb 14, 2026 15:05 IST

    জয় আই অসমঃ প্ৰধানমন্ত্ৰী মোডী

    • খানাপাৰাত আয়োজিত বিজেপি বুথ সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰীয়ে।
    • অসমীয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰে ভাষণ।
    • 'সকলোকে নমস্কাৰ, জয় আই অসম।'
    • 'বিজেপিয়ে জনতাৰ সেৱাক নিজৰ ধৰ্ম হিচাপে ভাবে'
    • 'মা কামাখ্যাক মই প্ৰণাম জনাইছো'
    • 'বাজেটৰ পাছত এয়া মোৰ প্ৰথম অসমৰ ভ্ৰমণসূচী'
    • 'উত্তৰ-পূৰ্বাঞ্চল আমাৰ বাবে অষ্টলক্ষ্মী'
    • অনুষ্ঠানত লগতে উপস্থিত মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।



  • Feb 14, 2026 14:03 IST

    খানাপাৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

    • খানাপাৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
    • লাচিত ঘাটৰ পৰা পোনে পোনে আহি প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় খানাপাৰাত।
    • খানাপাৰাত আয়োজিত বিজেপি বুথ সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰীয়ে।
    • ৩১ হাজাৰৰো অধিক বুথ সভাপতিৰ অংশগ্ৰহণ।
    • বিজেপিৰ কৰ্মীসকলক উৎসাহিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।



  • Feb 14, 2026 13:59 IST

    প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে IIMৰ অস্থায়ী কেম্পাচ আৰু ৰাষ্ট্ৰীয় ডাটা চেন্টাৰ

    • প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে IIMৰ অস্থায়ী কেম্পাচ আৰু ৰাষ্ট্ৰীয় ডাটা চেন্টাৰ
    • ইয়াৰ পূৰ্বে নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
    • এই অনুষ্ঠানৰ পাছতে প্ৰধানমন্ত্ৰী ৰাওনা হ’ব খানাপাৰালৈ।



  • Feb 14, 2026 13:22 IST

    প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে কুমাৰ ভাস্কৰ বৰ্মা সেতু

    • প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিলে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলং।
    • দলংখনত কিছুসময় খোজ কাঢ়ি অতিবাহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে।
    • ইয়াৰ পাছতে মুকলি কৰিব IIMৰ অস্থায়ী কেম্পাচ আৰু ৰাষ্ট্ৰীয় ডাটা চেন্টাৰ।
    • লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰী ৰাওনা হ’ব খানাপাৰালৈ।



  • Feb 14, 2026 13:16 IST

    লাচিত ঘাটত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

    • বিমানবন্দৰৰ পৰা পোনে পোনে আহি লাচিত ঘাটত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী।
    • শুভ উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলং।
    • দলংখনত কিছুসময় খোজ কাঢ়ি অতিবাহিত কৰিব প্ৰধানমন্ত্ৰীয়ে।
    • তাৰপাছতে মুকলি কৰিব IIMৰ অস্থায়ী কেম্পাচ আৰু ৰাষ্ট্ৰীয় ডাটা চেন্টাৰ।
    • লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰী ৰাওনা হ’ব খানাপাৰালৈ।



  • Feb 14, 2026 12:14 IST

    গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

    • গুৱাহাটী পালেহি প্ৰধনামন্ত্ৰী নৰেন্দ্ৰ মোডী।
    • বিমানবন্দৰৰ পৰা পোনে পোনে যাব লাচিত ঘাটলৈ।
    • শুভ উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলং।
    • দলংখনত কিছুসময় খোজ কাঢ়ি অতিবাহিত কৰিব প্ৰধানমন্ত্ৰীয়ে।
    • তাৰপাছতে মুকলি কৰিব IIMৰ অস্থায়ী কেম্পাচ আৰু ৰাষ্ট্ৰীয় ডাটা চেন্টাৰ।
    • লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰী ৰাওনা হ’ব খানাপাৰালৈ।
    • দুপৰীয়া ২ বজাত খানাপাৰাত আয়োজিত বিজেপি বুথ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে।



  • Feb 14, 2026 11:24 IST

    গুৱাহাটীলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

    মৰাণৰ অনুষ্ঠানৰ পাছতে গুৱাহাটীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোডী।

    C-I30J হাৰ্কিউলিচ বিমানেৰে গুৱাহাটী মহানগৰীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী। 

    গুৱাহাটীত ভাস্কৰ বাৰ্মা সেতু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

    IIMৰ অস্থায়ী কেম্পাছো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। 

    তাৰপাছতে যাব খানাপাৰালৈ।

    অংশগ্ৰহণ কৰিব বিজেপিৰ বুথ সন্মিলনত। 

    তাৰপাছতে এদিনীয়া ভ্ৰমণ সামৰি দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী।



  • Feb 14, 2026 11:07 IST

    ই এল এফত প্ৰদৰ্শিত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব

    হাৰ্কিউলিছ বিমানেৰে মৰাণৰ ৰাজপথত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।
    তাৰ পাছতে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি বায়ুসেনাৰ।
    বায়ুসেনাৰ এটা স্মাৰকেৰে প্ৰধানমন্ত্ৰীক আদৰণী।
    কাণত হেডফোন পিন্ধি আধা ঘণ্টীয়া এয়াৰ শ্ব' উপভোগ প্ৰধানমন্ত্ৰী মোডীৰ।
    ই এল এফত প্ৰদৰ্শিত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব'।
    মৰাণত উদ্বোধন জৰুৰীকালীন বিমান অৱতৰণ ক্ষেত্ৰ।



  • Feb 14, 2026 10:48 IST

    হাৰ্কিউলিছ বিমানেৰে মৰাণৰ ৰাজপথত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

    হাৰ্কিউলিছ বিমানেৰে মৰাণৰ ৰাজপথত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।
    তাৰ পাছতে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি বায়ুসেনাৰ।
    বায়ুসেনাৰ এটা স্মাৰকেৰে প্ৰধানমন্ত্ৰীক আদৰণী।
    কাণত হেডফোন পিন্ধি আধা ঘণ্টীয়া এয়াৰ শ্ব' উপভোগ কৰিবলৈ সাজু প্ৰধানমন্ত্ৰী মোডী।



  • Feb 14, 2026 10:06 IST

    অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

    অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

    অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
    বিশেষ বিমানেৰে চাবুৱাত অৱতৰণ মোডীক কঢ়িয়াই অনা বিমান।
    ভাৰতীয় বায়ুসেনাৰ ই এল এফ ফিল্ডত অৱতৰণ কৰে বিমানখনে। 
    দিনজোৰা কাৰ্যসূচী হাতত লৈ অসমলৈ আহিছে প্ৰধানমন্ত্ৰীগৰাকী।
    ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মোডীক আদৰি নিয়া হৈছে।
    ই এল এফ ফিল্ডত সাদৰ সম্ভাষণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।



প্ৰধানমন্ত্ৰী