ডিজিটেল ডেস্ক : ৩দিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে ওড়িশালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাজ্যখনত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোডীৰ এই ওড়িশা ভ্ৰমণ ৰাজনৈতিক দৃষ্টিকোণেৰে অতি গুৰুত্বপূৰ্ণ। আবেলি ২-১৫ বজাত এখন বিশেষ বিমানেৰে ভূবনেশ্বৰত উপস্থিত হ’বগৈ প্ৰধানমন্ত্ৰী।
বিমান বন্দৰতে ৰাজ্যখনৰ বিজেপি নেতৃত্বই মোডীক উষ্ম আদৰণী জনাব। তাৰ পাছত বিমান বন্দৰৰ পৰাই এক ৰোড শ্ব’ত অংশ লৈ প্ৰধানমন্ত্ৰী মোডী যাব ভূবনেশ্বৰতে অনুষ্ঠিত হ’ব লগা এখন বিজেপিৰ কৰ্মী সভালৈ। মোডীৰ এই ৰোড শ্ব’ত লক্ষাধিক বিজেপিৰ নেতা- সমৰ্থকে অংশ ল’ব। ইয়াৰ বাবে ওড়িশা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।
প্ৰধানমন্ত্ৰী মোডীৰ ৰোড শ্ব’ত প্ৰদৰ্শিত হ’ব ওড়িশাৰ থলুৱা নৃত্য- বাদ্য আৰু সংস্কৃতি। সেই জনসভাত অংশ লৈ সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকী যাব ওড়িশাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে বিজেপিৰ নেতা- বিধায়ক আৰু সাংসদসকলক সাক্ষাত কৰিব। এই সাক্ষাতকালতে বিজেপিৰ সাংসদ আৰু বিধায়কসকলে তেওঁলোকৰ ৬টা মাহৰ সমষ্টিকেন্দ্ৰিক উন্নয়নৰ ৰিপোৰ্ট কাৰ্ড প্ৰধানমন্ত্ৰীৰ সন্মুখত দাঙি ধৰিব।
এই ভ্ৰমণতে প্ৰধানমন্ত্ৰীয়ে আন কেইবাখনো দলীয় সভাত অংশ ল’ব। বিজেপি কাৰ্যালয়তে নিশাৰ আহাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ওড়িশা বিজেপিৰ উপ সভাপতি গোলক মহাপাত্ৰৰ মতে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ হ’ব এক ঐতিহাসিক ভ্ৰমণ। কিয়নো কোনো প্ৰধানমন্ত্ৰীয়ে একেৰাহে ৩দিনৰ বাবে এতিয়ালৈকে ওড়িশা লৈ অহা নাই। শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে সঞ্চালক প্ৰধানসকলৰ এক সন্মিলনত অংশ ল’ব।