/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/df9b28e7-8297-404a-88a0-1b1215a6615c/modi.jpg)
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে গুজৰাটৰ ভাৱনগৰত এক সামূহিক বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। বিবাহ অনুষ্ঠানত উপস্থিত হৈ তেওঁ নৱবিবাহিত দম্পতী সকলক আশীৰ্বাদ দিয়ে।
সামূহিত বিবাহৰ এই অনুষ্ঠানটো জৱাহৰ ময়দান নামৰ এটা ফাউণ্ডেচনৰ দ্বাৰা আয়োজন কৰা হৈছিল। এই বিবাহ অনুষ্ঠানত মুঠ ৫৫১ গৰাকী যুৱতীৰ বিয়া হয়। এই অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হোৱা সকলো যুৱতীৰ দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছে।
প্ৰধানমন্ত্ৰীয়ে নৱদম্পতি সকলক ঘৰত উপস্থিত হোৱাৰ পিছত আত্মীয়সকলৰ হেঁচাত পৃথক বিবাহ অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আহ্বান জনায়।ইয়াৰ সলনি সেই ধন সন্তানৰ বাবে জমা কৰিব পাৰে বুলি কয়।
উল্লেখ্য যে, গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই প্ৰতিটো ৰাজনৈতিক দলে উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত। প্ৰধানমন্ত্ৰী মোডীয়েও কেইবাখনো সভাত অংশগ্ৰহণ কৰে।