৫৭বছৰৰ পাছত দ্বিপাক্ষিক বৈঠকত অংশ ল'বলৈ আৰ্জেন্টিনাত ভাৰতৰ প্ৰধানমন্ত্ৰী...

দুদিনীয়া ভ্ৰমণসূচীৰে আৰ্জেন্টিনাত উপস্থি হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই যাত্ৰা অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো প্ৰায় ৫৭বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক বৈঠকৰ বাবে

author-image
Asomiya Pratidin
New Update
inida

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে আৰ্জেন্টিনাত উপস্থি হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই যাত্ৰা অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো প্ৰায় ৫৭বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক বৈঠকৰ বাবে আৰ্জেন্টিনালৈ গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। অৱশ্যে ইয়াৰ পূৰ্বে জি-২০ বৈঠকৰ বহু পাক্ষিক চু্ক্তিৰ বাবে আৰ্জেন্টিনালৈ গৈছিল মোডী। 

আৰ্জেন্টিনাত মোডী উপস্থিত হোৱাৰ পাছতে গাৰ্ড অৱ অনাৰেৰে তেওঁৰ আদৰণি জনোৱা হয়। ইয়াৰ পিছতে আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতিক সাক্ষাত কৰিব মোডীয়ে। ভিন্ন বিষয়ক লৈ এই বৈঠকত আলোচনা হব দুয়োগৰাকী নেতাৰ মাজত। 

নৰেন্দ্ৰ মোডী