ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে টেলিফোনিক বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্য বান পৰিস্থিতি বুজ লোৱাৰ লগতে চৰকাৰক সম্পূৰ্ণ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে টেলিফোনিক বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে চৰকাৰক সম্পূৰ্ণ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ইফালে বিগত দিন কেইটাত নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ-পূবত সৃষ্টি হৈছে প্ৰৱল বানৰ। এই সন্দৰ্ভতো প্ৰধানমন্ত্ৰীক অৱগত কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্বন্ধেও প্ৰধানমন্ত্ৰীক জনায় মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী বানপানী প্ৰতিৰোধ বানপানী বান মুখ্যমন্ত্ৰী