পৰম্পৰা ভংগ কৰি ডাইনিং টেবুল পালেগৈ জগন্নাথ মন্দিৰৰ মহাপ্ৰসাদ...

মহাপ্ৰসাদ পৰম্পৰাগতভাৱে মাটিত বহি খোৱাৰ নিয়ম অনাদি কালৰ পৰা প্ৰচলিত। জগন্নাথ মন্দিৰ কৰ্তৃপক্ষৰ পৰা মন্দিৰৰ প্ৰতিগৰাকী ভক্তই মাটিত বহি মহাপ্ৰসাদ গ্ৰহণ কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
্্

ডিজিটেল ডেস্কঃ  পুৰীৰ জগন্নাথ মন্দিৰত বতাহ বিপৰীত দিশত বলাই হওঁক বা জগন্নাথ মন্দিৰৰ ছাঁ গঠন নোহোৱা বিষয়টোৱে হওঁক, অথবা মন্দিৰৰ ওপৰেৰে চৰাই আৰু বিমান উৰিব নোৱাৰা বিষয়েই হওঁক প্ৰায়ে চৰ্চিত। কিন্তু শেহতীয়াকৈ অন্য এক কাৰণত সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈছে পুৰীৰ জগন্নাথ মন্দিৰ।

Advertisment

দ্বাদশ শতিকাৰ এই মন্দিৰৰ দেৱতা ভগৱান জগন্নাথক আগবঢ়োৱা পবিত্ৰ খাদ্যক মহাপ্ৰসাদ বুলি কোৱা হয়। এই মহাপ্ৰসাদ পৰম্পৰাগতভাৱে মাটিত বহি খোৱাৰ নিয়ম অনাদি কালৰ পৰা প্ৰচলিত। জগন্নাথ মন্দিৰ কৰ্তৃপক্ষৰ পৰা মন্দিৰৰ প্ৰতিগৰাকী ভক্তই মাটিত বহি মহাপ্ৰসাদ গ্ৰহণ কৰি আহিছে।

শেহতীয়াকৈ মন্দিৰৰ পৰম্পৰা ভংগ কৰি এটা পৰিয়ালে ডাইনিং টেবুলত মহাপ্ৰসাদ খোৱাৰ ভিডিঅ’ই ওড়িশাত বিতৰ্কৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, পুৰীৰ এখন বিচ ৰিজ’ৰ্টৰ ডাইনিং টেবুলত শিশুসহ প্ৰায় ১০ জন সদস্যই মহাপ্ৰসাদ খাই থকাৰ লগতে মন্দিৰৰ এজন পুৰোহিতে তেওঁলোকক মহাপ্ৰসাদ বিতৰণ কৰি থকাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে।

মহাপ্ৰসাদ

এই দৃশ্য চকুত পৰা লগে লগে এজন পুৰুষে তেওঁলোকক প্ৰশ্ন কৰাত এগৰাকী মহিলাই দৃঢ়তাৰে কয় যে, তেওঁলোকে টেবুলত খাবলৈ সিদ্ধান্ত লোৱাৰ আগতে ইফালে সিফালে সুধিছিল। ইয়াৰ পিছতে লোকজনে পুৰোহিতজনৰ ওচৰলৈ গৈ আপুনি কিয় অনুমতি দিলে বুলিও প্ৰশ্ন কৰে।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে জগন্নাথ ভক্তসকলৰ মাজত উদ্বেগ প্ৰকাশ পোৱাৰ লগে লগে মন্দিৰ কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰি কয় যে, টেবুলত মহাপ্ৰসাদ খোৱা ঘটনা সন্দৰ্ভত তেওঁলোক অৱগত, টেবুলত মহাপ্ৰসাদ খোৱাটো পৰম্পৰাৰ বিৰুদ্ধে। মহাপ্ৰসাদ ঐশ্বৰিক আৰু মাটিত বহি খাব লাগিব বুলি মন্দিৰৰ শতিকা পুৰণি পৰম্পৰা বজাই ৰাখিবলৈ ভক্তসকলক অনুৰোধ জনাই এছ জে টি এয়ে।

উল্লেখ্য যে, মন্দিৰ প্ৰশাসনে এক বিবৃতিত প্ৰকাশ কৰে যে, "মন্দিৰৰ ফালৰ পৰা স্পষ্ট হৈ পৰিছে যে ভগৱানৰ ঐশ্বৰিক মহাপ্ৰসাদ অন্নব্ৰহ্মৰ ৰূপত পূজা কৰা হয়। মাটিত বহি মহাপ্ৰসাদ খোৱাৰ আচাৰ-ব্যৱহাৰৰ পৰম্পৰা অনাদি কালৰে পৰা চলি আহিছে। সেয়েহে সকলো ভক্তকে পৰম্পৰাৰ বিৰোধী কাম-কাজ, যেনে ভোজন মেজত মহাপ্ৰসাদ খোৱাৰ দৰে, সেইবোৰৰ পৰা বিৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।

জগন্নাথ মন্দিৰ