Advertisment

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি : বাসুগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাসুগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
aasu

ডিজিটেল সংবাদ,চিৰাং : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰ্মে সৰ্বসাধাৰণ ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাসুগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বুধবাৰে বাসুগাঁও চহৰত প্ৰতিবাদী সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Advertisment

এই প্ৰতিবাদী কাৰ্যসূচীত চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি সৌৰভ জ্যোতি সুত্ৰধৰ, জিলা সহকাৰী সম্পাদক সঞ্জীৱ বিশ্বাস, জিলা শিক্ষা সম্পাদক নৱ কুমাৰ বৰ্মন উপস্থিতি থাকে। প্ৰায় শতাধিক ছাত্ৰ- ছাত্ৰীয়ে বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল কৰি থানা চাৰিআলি, শ্মশান ৰোড, মেধীপাৰা হৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান মন্ত্ৰী ৰঞ্জিত দাস হায় হায়, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ৰঞ্জিত দাস পদত্যাগ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তল কৰি তোলে আছুৰ নেতা কৰ্মীসকলে ৷ তদপুৰি বিজেপি চৰকাৰেখনে ৰাইজৰ আগত ডাবল ইঞ্জিনৰ চৰকাৰ বুলি দাবী কৰে অথচ তেওঁলোকৰ শাসনকালত ক্ৰমবৰ্দ্ধমান দ্ৰব্য মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জলাকলা খুৱাই আছে বুলি ক্ষোভ প্ৰকাশ কৰে।

এইক্ষেত্ৰত বিভাগ তথা মন্ত্ৰী নিমাত হৈ থকাকলৈও প্ৰশ্ন কৰে। আছুৰ প্ৰশ্ন- এয়াই নেকি বিজেপিৰ ডাৱল ইঞ্জিনৰ চৰকাৰ কাম নেকি ? অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বিজেপিৰ ডাৱল ইঞ্জিনৰ চৰকাৰখনক অসমৰ পৰা বিদায় দিবলৈ ৰাইজক আহ্বান জনাই আৰু মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা অসমৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী কৰে চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি সৌৰভ জ্যোতি সুত্ৰধৰে ৷

ASSU Protest chirang