এপ্ৰিলত হ্ৰাস মুদ্ৰাস্ফীতিৰ চাপ : মধ্যবিত্ত পৰিয়ালে পাইছে সকাহ

ভাৰতৰ কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ ওপৰত মুদ্ৰাস্ফীতিৰ চাপ ২০২৫ৰ এপ্ৰিলত লক্ষ্যণীয়ভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে মধ্যবিত্ত পৰিয়ালসমূহে কিছু পৰিমাণে আৰ্থিক সকাহ পাইছিল- এই তথ্য প্ৰতিবেদনৰ

author-image
Asomiya Pratidin
New Update
এপ্ৰিলত হ্ৰাস মুদ্ৰাস্ফীতিৰ চাপ

ডিজিটেল ডেস্ক : ভাৰতৰ কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ ওপৰত মুদ্ৰাস্ফীতিৰ চাপ ২০২৫ৰ এপ্ৰিলত লক্ষ্যণীয়ভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে মধ্যবিত্ত পৰিয়ালসমূহে কিছু পৰিমাণে আৰ্থিক সকাহ পাইছিল- এই তথ্য প্ৰতিবেদনৰ জৰিয়তে প্ৰকাশ কৰিছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে। 

Advertisment

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, কৃষি শ্ৰমিকৰ বছৰৰ পিছত বছৰ ধৰি মুদ্ৰাস্ফীতিৰ হাৰ ৩.৪৮ শতাংশলৈ হ্ৰাস পাইছে। বিপৰীতে গ্ৰাম্য শ্ৰমিকৰ হাৰ ৩.৫৩ শতাংশলৈ হ্ৰাস পাইছে। ২০২৪ৰ এপ্ৰিলৰ তুলনাত ইয়াৰ যথেষ্ট উন্নতি ঘটিছে। 

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ৰ মাৰ্চত চি পি আই-এ এল ৩.৭৩ শতাংশ আৰু চি পি আই-আৰএল ৩.৮৬ শতাংশ ৰেকৰ্ড কৰা হৈছিল। যিয়ে মাহৰ পিছত মাহ ধৰি ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ ইংগিত প্ৰদান কৰিছিল। 

শেহতীয়াকৈ গ্ৰাম্য শ্ৰমিকৰ মুদ্ৰাস্ফীতি হ্ৰাস পাইছিল মাৰ্চ মাহত। মাৰ্চত ইয়াৰ পৰিমাণ আছিল ৩.৩৪ শতাংশ। একেদৰে এপ্ৰিলত খুচুৰা মুদ্ৰাস্ফীতি ৩.১৬ শতাংশলৈ হ্ৰাস পাইছিল।

মুদ্ৰাস্ফীতি