কাজলগাঁৱত ৬১ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আয়োজন...

আয়োজক সমিতিৰ সংবাদ মেল, নিচাযুক্ত সামগ্ৰী, জুৱা আৰু একক ব্যৱহাৰ যুক্ত প্লাষ্টিক বৰ্জিত লক্ষ্মী পূজা আৰু মেলা
Lakhsmi puja
Lakhsmi puja

ডিজিটেল সংবাদ, চিৰাংঃ বিগত বছৰৰ দৰে এইবছৰো চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অহা ৯ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৬১ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলা । এই সন্দৰ্ভত শুকুৰবাৰে কাজলগাঁৱত শ্ৰীশ্ৰীলক্ষ্মী পূজা আৰু মেলা পৰিচালনা সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে।

সংবাদ মেলত পূজা পৰিচালনা সমিতিয়ে ঘোষণা কৰে যে, এইবেলি কাজলগাঁৱত নিচাযুক্ত সামগ্ৰী, জুৱা আৰু একক ব্যৱহাৰ যুক্ত প্লাষ্টিক বৰ্জিত লক্ষ্মী পূজা আৰু মেলা অনুষ্ঠিত হ'ব ।

পূজা ও মেলা চলাকালীন নিৰ্ধাৰিত ১০০ মিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত কোনো ধৰণৰ জুৱা খেল আৰু মাদক দ্ৰব্য বিক্ৰী ও সেৱন নিষিদ্ধ ঘোষণা কৰে আৰু এই ক্ষেত্ৰত সকলো ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীৰ সহায় -সহযোগিতা পৰিচালনা সমিতিয়ে কামনা কৰিছে ।

বৃহত্তৰ কাজলগাঁও অঞ্চলৰ জনসাধাৰণৰ মাজত ঐক্য, শান্তি- সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যৰে ১৯৬১ চনৰ পৰাই জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিভিন্ন কাৰ্যক্ৰমনিকাৰে পালন কৰি অহা লক্ষ্মী পূজা ও মেলা ১৯৯০ চনৰ পৰা আধুনিক মেলাৰ প্ৰতিটো উপকৰণেৰে উদযাপিত হৈ আহিছে ।

চৰকাৰী পঞ্জীয়নভুক্ত পূজা ও মেলা সমিতিয়ে ইতিমধ্যে বজাৰ প্ৰাংগনত স্থায়ী লক্ষ্মী মন্দিৰ, ব্ৰক্ষ্ম মন্দিৰ আৰু শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । ডেৰ কোটি টকা বাজেটৰ মন্দিৰ নিৰ্মাণ কাৰ্য যোৱা তিনি বছৰত ত্বৰাণ্বিত কৰি ইতিমধ্যে প্ৰায় ৫০ শতাংশ কাম সম্পন্ন হৈছে ।

অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তা কঢ়িয়াই অনা কাজলগাঁৱৰ ঐতিহ্যমণ্ডিত পূজা ও মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এইবেলি ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্ম, ১৫ নং কাজলগাঁও বিটিচি পৰিষদীয় সমষ্টিৰ এম চি এল এ পানীৰাম ব্ৰক্ষ্ম, বি টি চিৰ মনোনীত পাৰিষদ মাধৱ ছেত্ৰী, টি এল চি চিৰ অধ্যক্ষ সুজিত বসুমতাৰী, কাজলগাঁও নগৰ সমিতিৰ অধ্যক্ষ উপেন মুছাহাৰী আৰু কাজলগাঁও ভি চি ডি চিৰ অধ্যক্ষ নাৰদ বসুমতাৰীক পৃষ্ঠপোষক, হিতেশ বসুমতাৰীক সভাপতি, হেমন্ত বসুমতাৰী আৰু গৌমছাৰ মুছাহাৰীক উপ সভাপতি, ছবিন্দ্ৰ নাৰ্জাৰীক সাধাৰণ সম্পাদক, সঞ্জয় ছেত্ৰী, দিলীপ বসুমতাৰী, ৰঞ্জন দেব ও দৈথুন বসুমতাৰীক সহকাৰী সম্পাদক, দশৰথ মণ্ডল, আনন্দ ব্ৰক্ষ্ম আৰু অশ্বিনী কুমাৰ ব্ৰক্ষ্মক কাৰ্যালয় সম্পাদক হিচাপে লৈ ৪১ জনীয়া সদস্য - সদস্যাৰে মূল কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে ।

লগতে কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী ২০ খন গাঁৱৰ শতাধিক প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰে মূৰ্তি পূজা, যজ্ঞাহুতি, বিত্ত, খাদ্য, প্লট বিতৰণ, স্বেচ্চাসেৱক, গেট ও পেণ্ডেল, বিদ্যুৎ, স্বাস্থ্য, প্ৰচাৰকে ধৰি মুঠ ১৪ খন উপ সমিতি গঠন কৰি পূজা ও মেলাৰ কাম দ্ৰুত গতিত আগবঢ়াইছে ।

উল্লেখ্য যে, অহা ৯ অক্টোবৰত বিয়লি আমন্ত্ৰিত বিশিষ্ট অতিথিৰ দ্বাৰা লক্ষ্মী পূজা ও মেলা অনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব । এইবাৰৰ পূজা ও মেলাত বিশেষ আকাৰ্ষণ হিচাপে থাকিব মিনা বজাৰ, ৰাষ্ট্ৰীয় বানিজ্য মেলা, চাৰ্কাচ, চিনেমা প্ৰদৰ্শনী, নাগৰদলা, ব্ৰেক ডাঞ্চ আদি থাকিব বুলি পূজা সমিতিয়ে উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in