/asomiyapratidin/media/media_files/2025/01/12/CncPrs6AT1zkR285bVWK.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াৰ তৰণীস্থিত ৰজা আৰিমত্ত ক্ষেত্ৰত অহা ২১ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন ।
স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক সভাপতি,লৱধৰ কলিতাক কাৰ্যকৰী সভাপতি,ৰাজেন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠিত আদৰণি সমিতিৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ । অহা ২১ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তৰণী হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় অধিৱেশন ।
অধিৱেশন উপলক্ষে দেওবাৰে মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি লৱধৰ কলিতা আৰু সাধাৰণ সম্পাদক ৰাজেন কলিতাই । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঃৰমেন কুমাৰ কাকতীয়েও সংবাদ মেলত অংশগ্ৰহণ কৰি সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভতো আলোকপাত কৰে ।