ওদালগুৰিত যুৱকৰ মৃতদহ উদ্ধাৰৰ প্ৰসংগত ৭ সংগঠনৰ যৌথ সংবাদমেল

আজিৰ সংবাদমেলত উপস্থিত থাকি বিটিআৰ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি তাপস সিংহই কয়, "এগৰাকী নিৰীহ যুৱকক চহৰখনৰ মাজমজিয়াত এনেদৰে হত্যা কৰাটো সাধাৰণ ঘটনা নহয়। এয়া এক পৰিকল্পিত হত্যাকাণ্ড।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ংমন

ডিজিটেল সংবাদ,ওদালগুৰি: ১৮ এপ্ৰিলত ওদালগুৰিৰ মাজমজিয়াত ৰহস্যজনকভাৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাটো সন্দৰ্ভত আজি ওদালগুৰি আক্ৰাছুৰ কাৰ্যালয়ত জিলাখনৰ সাতটাকৈ সংগঠনে যৌথভাৱে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাক একেমুখে গৰিহনা প্ৰদান কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে।

 উল্লেখ্য যে ১৮ এপ্ৰিলৰ পুৱাৰ ভাগতে উত্তৰ ওদালগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ এঘৰ লোকৰ বাৰান্দাত উদ্ধাৰ হৈছিল পূৱনগৰ(মেধিপাৰা) গাঁৱৰ যুৱক মিণ্টু দাসৰ মৃতদেহ। আজিৰ সংবাদমেলত উপস্থিত থাকি বিটিআৰ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি তাপস সিংহই কয়, "এগৰাকী নিৰীহ যুৱকক চহৰখনৰ মাজমজিয়াত এনেদৰে হত্যা কৰাটো সাধাৰণ ঘটনা নহয়। এয়া এক পৰিকল্পিত হত্যাকাণ্ড।

হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত ওদালগুৰি আৰক্ষীয়ে ঘটনাত জৰিত দুজন লোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাত ধন্যবাদ জনাইছো। কিন্তু তাৰ পাছত যি গতিত তদন্ত আগবাঢ়িব লাগিছিল সেয়া অতি লেহেমীয়া হৈছে। এইক্ষেত্ৰত আৰক্ষীৰ দুৰ্বলতাক ধিক্কাৰ জনাইছো। মিণ্টু দাসক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। এয়া এক অমানৱীয় ঘটনা। শীঘ্ৰে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছো। অন্যথা আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হম। লগতে আমি বিটিআৰ চৰকাৰক দাবী জনাইছো যে বিটিচি প্ৰশাসনে মিণ্টু দাসৰ পৰিয়ালটোৰ ওচৰলৈ গৈ খবৰ লোৱাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰক।"

ইফালে সংবাদমেলত উপস্থিত থাকি আক্ৰাছুৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ভৱেন ৰাজবংশীয়ে কয়, মিণ্টু দাসক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। নিহত মিণ্টুই পুৱা ৬ বজাত ঘৰৰ পৰা কামৰ বাবে ওলাই গৈছিল। ইয়াৰ পাছত গকুদ দাস নামৰ যুৱকজনৰ ঘৰৰ ভিতৰতে তাক হত্যা কৰি পথলৈ আনি পেলাই থৈছে। ইয়াৰ দ্বাৰা ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল হত্যাকাৰীয়ে। ঘটনাত জৰিত লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তদন্ত যথেষ্ট দুৰ্বল হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈছে।

গোচৰটোৰ তদন্তৰ বাবে নিয়োগ কৰা তদন্ত কাৰী বিষয়া জেমি দলেৰ ব্যৱহাৰ ভাল নহয়। তেওঁৰ ব্যৱহাৰত আমি সন্তুষ্ট নহয়। কিবা এটা বিষয় জানিবলৈ ইচ্ছা কৰিলে বা সুধিলে তেখেতে আমাক ভাল ব্যৱহাৰ নকৰে। গতিকে তেওঁক গোচৰটোৰ পৰা আতৰাই গোচৰটোত নতুন তদন্তকাৰী বিষয়াক নিযোগ কৰিব লাগে। কিয়নো কেৱল মাত্ৰ দুজন লোকে এই হত্যাকাণ্ডটো সংঘটিত কৰা বুলি মানি লব নোৱাৰি।

 হত্যাকাণ্ডটোত আৰু অধিক লোক জৰিত হৈ থকাৰ সন্দেহ আছে। ঘটনাটো সন্দৰ্ভত ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে গুৰুত্ব সহকাৰে লৈছে। কিন্তু জেমি দলে নামৰ তদন্তকাৰী বিসয়াগৰাকীৰ সহাৰি দুৰ্ভাগ্যজনক। যিহেতু ইয়াক আমি পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছো, গতিকে এগৰাকী নতুন তদন্তকাৰী বিষয়াক নিয়োগ কৰি ক্ষীপ্ৰতাৰে তদন্ত কৰা উচিত।

উক্ত সংবাদমেলত উপস্থিত থাকি ওদালগুৰি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা মুকুট দাসে কয় যে, "যি এক ঘটনা সংঘটিত হৈ গ'ল সেয়া অতিকৈ মৰ্মান্তিক। ঘটনাত জৰিত দোষীয়ে উচিত শাস্তি পাবই লাগিব। কিন্তু আমি ঘটনাটোত নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ হোৱাৰ সন্দেহ কৰিছো। যি স্থানত ঘটনাটো সংঘটিত হৈছে সেই স্থানত সময়ে সময়ে এনে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন তথা সেৱন কৰাৰ চৰ্চা চলি আহিছে।

আৰক্ষীৰ চকুৰ সন্মুখতে এনে ধৰণে অবৈধভাৱে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন হৈ থকাৰ পাছতো আৰক্ষী গম নোপোৱাটো এক আচৰিত ঘটনা। এক চক্ৰই এনেদৰে মদ, ভাং, ড্ৰাগছৰ অবৈধ বেহা অব্যাহত ৰখাৰ লগতে ইয়াৰ বাবে সমাজখনত বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে। লগতে তেখেতে এনে অবৈধ নিচাযুক্ত সামগ্ৰী ৰ বেহা উৎখাত কৰাৰো দাবী জনায়।

আজিৰ সংবাদমেলত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, বীৰ লাচিত সেনা, বিটিআৰ আক্ৰাছু, সদৌ অসম কলিতা আলপাইন সন্মিলন, কেওট জাতীয় পৰিষদ, খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ বিষয়বৱীয়া উপস্থিত থাকে।

ওদালগুৰি