/asomiyapratidin/media/media_files/2025/02/11/eF7SVEEs8L1l1tQMHD1d.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰি বিৰোধীক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে ।
মঙলবাৰে সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে অসমত ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিৰোধী ঐক্য মঞ্চক একত্ৰিত হোৱাৰ আহ্বান জনায় । তেওঁ কয়, ‘’দিল্লীৰ নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি গ’ল যে বিৰোধী ঐক্য যদি একত্ৰিত নহয় তেন্তে শাসকীয় বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ নহয়।``
অখিল গগৈয়ে বিজেপিক পৰাভূত কৰিবৰ বাবে সকলো একত্ৰিত হ’ব লাগিব বুলি সংবাদমেলত উল্লেখ কৰে ।লগতে কয় যে বিৰোধী ঐক্যই পৃথকে পৃথকে প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে একত্ৰিত হৈ প্ৰচাৰ চলালে সুফল লাভ কৰিব ।
কংগ্ৰেছ দলৰ চোতালে চোতালে নামৰ কাৰ্য্যসূচীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই কাৰ্য্যসূচী সকলোৱে একত্ৰিত হৈ কাৰ্যকৰী কৰিব লাগিব ।২০২৬ ৰ বিধানসভা নিৰ্বাচনত একত্ৰিত হৈ নাইবা নিজাববীয়াকৈ অৱতীৰ্ণ হ’লেও ৰাইজৰ দলে এখনতকৈ অধিক আসন পাব বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে ।