/asomiyapratidin/media/media_files/2024/12/11/Vl04eGA3rKOIYu0Ah6oG.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ সদৌ অসম কমাৰ (লোহাৰ) কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিচপৰা শ্ৰেণীৰ তালিকাত অন্তর্ভুক্তৰ দাবীত এক সংবাদমেল আয়োজন কৰে সদৌ অসম কমাৰ(কমাৰ)কৰ্মকাৰ সম্প্ৰদায় সমিতিয়ে। অহা ১৫ ডিচেম্বৰত গোলকগঞ্জৰ প্ৰধানী খেলপথাৰত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব বুলি সদৌ অসম কমাৰ(কমাৰ)কৰ্মকাৰ সম্প্ৰদায় সমিতিৰ সভাপতি সুধন্য কর্মকাৰ আৰু সাধাৰণ সম্পাদক অনুকূল কর্মকাৰে বুধবাৰে ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত উল্লেখ কৰে।
সংগঠনটোৰ নেতা দ্বয়ে কয় যে সমগ্ৰ অসমত প্ৰায় ৪০ হাজাৰ কমাৰ (লোহাৰ) কৰ্মকাৰ জনগোষ্ঠীৰ লোক আছে। এই লোক সকলে দীৰ্ঘ দিনে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সংবাদ মেলত সমিতিৰ সভাপতি সুধন্য কৰ্মকাৰ আৰু সাধাৰণ সম্পাদক অনুকূল কর্মকাৰে জনোৱামতে, ভাৰতৰ অন্যান্য ৰাজ্যসমূহত কৰ্মকাৰ (লোহাৰ) সম্প্ৰদায়ৰ লোকসকলক অন্যান্য পিচপৰা জাতিৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। কিন্তু অসমত এতিয়ালৈকে এয়া সম্ভৱ হৈ উঠা নাই ।
১৯৮৫ চনতে ধুবুৰী জিলাৰ বিছনদৈ, চৰাইখোলাৰ কৰ্মকাৰসকলক অন্যান্য পিচপৰা জাতিৰ অন্তর্ভুক্ত কৰি প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। কিন্তু ১৯৯৭ চনৰ পিচৰে পৰা ধুবুৰী জিলাৰ আন কমাৰ তথা কৰ্মকাৰসকলক অ'বিচিৰি মৰ্যাদাৰ পৰা বঞ্চিত কৰি শৈক্ষিক আৰু অন্যান্য দিশৰ ক্ষতি কৰিছে বুলি ক্ষোভ প্রকাশ কৰে। সেয়ে কমাৰ (লোহাৰ) কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিচ পৰা শ্ৰেণীৰ তালিকাত অন্তর্ভুক্তৰ বাবে অহা ১৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া গোলকগঞ্জৰ প্রধানী খেলপথাৰত ৰাজহুৱা সভাৰ জৰিয়তে ৰাজ্য চৰকাৰক দাবী জনোৱাৰ কথা ব্যক্ত কৰে।
ইপিনে উক্ত সভাত অসম অ' বিচি ডেভেলপমেন্ট ব'ৰ্ডৰ সভাপতি অমৰ গগৈ, নেহুৰ প্রবক্তা ড° জ্যোতিময় প্রধানী, চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰত ভূষণ মহান্তি আদি উপস্থিত থাকিব বুলি উল্লেখ কৰে সংবাদমেলত ।