ডিজিটেল সংবাদ, চৰাইদেউঃ দাৰ্জিলিং অৰ্গেনিক টী কোম্পানীৰ অধীনৰ চৰাইদেউ পৰ্বত বাগিচা যোৱা দুবছৰে সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ পাছত পুনৰ সৰৱ হৈ পৰিছে বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰী৷ বাগিচাখনৰ অচলাৱস্থা সন্দৰ্ভত শুকুৰবাৰে বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰীসকলে এক সংবাদমেল আহ্বান কৰে৷
ডিচেম্বৰ মাহৰ ভিতৰতে বাগিচাখনৰ সমস্যা সন্দৰ্ভত কোনো সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে চৰকাৰৰ বিপক্ষে শ শ শ্ৰমিক-কৰ্মচাৰীয়ে ৰাজপথত বহিব বুলিও হুংকাৰ দিয়ে সংবাদমেলত৷ সংবাদ মেলত বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰী সকলে কয় যে বাগিচাখনত ঘোষণা কৰা লক আউটৰ পাছত বাগিচাখনৰ প্ৰায় আঢ়ৈ হাজাৰ স্থায়ী-অস্থায়ী শ্ৰমিক তথা কৰ্মচাৰীৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছে৷
পৰিয়ালৰ ন্যূনতম ভৰণ-পোষণৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হৈছে শ্ৰমিকসকল ৷ বাগিচাখনৰ এই সমস্যা সন্দৰ্ভত বাগিচাৰ চাহ মজদুৰ আৰু কৰ্মচাৰী সংঘই তিনি বাৰকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক সাক্ষাৎ কৰি আশ্বাসৰ বাদে আজি পৰ্যন্ত কোনো ধৰণৰ সমাধান নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰি চলিত ডিচেম্বৰৰ ভিতৰতে চৰাইদেউ জিলাৰ সদৰ পথ ধোদৰ আলিত পৰিয়ালসহ অৱস্থান লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মেলৰ জৰিয়তে সদৰী কৰে৷