Advertisment

সীমান্তত নাগাৰ আগ্ৰাসনক লৈ মেৰাপানীত সংবাদমেল ছাত্ৰ সংগঠনৰ...

মেৰাপানী সীমান্তত নাগাৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ তিনি ছাত্র সংগঠন। মেৰাপানী সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সদৌ অসম ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি ছাত্র সন্থাই যৌথ সংবাদমেল সম্বোধন কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মেৰাপানীঃ  মেৰাপানী সীমান্তত নাগাৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ তিনি ছাত্র সংগঠন। মেৰাপানী সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সদৌ অসম ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি ছাত্র সন্থাই যৌথ সংবাদমেল সম্বোধন কৰে ।

Advertisment

ছাত্র সংগঠন কেইটাই অভিযোগ কৰা অনুসৰি অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই মেৰাপানী সীমান্তত নাগাৰ আগ্ৰাসন দিনকদিনে বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ নাগাই মেৰাপানীৰ সমীপৱৰ্তী নেঘেৰীবিল নামৰ বনভোজস্থলীত অসমৰ বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ জাননী জাৰি কৰিছিল।

নগা প্ৰশাসনৰ সহযোগত মিকিৰাং, লিঅ' লুংচুম আৰু লুঙায়েম ভিলেজ কাউন্সিল সমিতিয়ে বনভোজস্থলীত অসমীয়া লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ নিৰ্দেশনা দি ইতিমধ্যে জাননী আঁৰি দিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে নগাৰ এই কাৰ্যৰ বিৰোধীতা কৰি গোলাঘাট প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।যদিও গোলাঘাট জিলা প্ৰশাসনে অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

দেওবাৰে ছাত্ৰ সংগঠন তিনিটাই এই গম্ভীৰ সমস্যা সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনক অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ আহ্বান জনায়। অন্যথা আগন্তুক সময়ত উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে গোলাঘাট জিলা প্ৰশাসন জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে ছাত্র সংগঠন কেইটাই।

নাগালেণ্ড মেৰাপানী