/asomiyapratidin/media/media_files/2025/12/18/495-2025-12-18-21-51-06.jpg)
ডিজিটেল সংবাদ, ধেমাজি : সমগ্ৰ ভাৰতৰ ভিতৰতেই ধেমাজি জিলাৰ জোনাই “পবা অৰণ্য”ক এখনি সমৃদ্ধিশালী অৰণ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে উত্তৰ- পূৰ্ব ভাৰতৰ পৰিবেশ তথা বন্যপ্ৰাণী সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে পোন প্ৰথমবাৰৰ বাবে “পবা অৰণ্য”ক সংৰক্ষণৰ বাবে জনমত গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। লগতে ইয়াৰ সজাগতাক লৈ বৃহস্পতিবাৰৰ পৰা জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত আৰম্ভ হোৱা “পবা দিৱস” উপলক্ষে বিয়লি ধেমাজি আবৰ্ত্তভৱনত নেচাৰ্চ বেকনে এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷
উত্তৰ- পূৰ্ব ভাৰতৰ পৰিবেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই সংবাদমেল সম্বোধন কৰি কয় যে নেচাৰ্চ বেকনে পূৰ্বৰে পৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত পবা অৰণ্য সংৰক্ষণৰ বাবে জনমত গঠন কৰা হৈছে ৷ নেচাৰ্চ বেকনে পবা অৰণ্যক অভয়াৰণ্য ৰূপত সংৰক্ষণৰ বাবে পৰামৰ্শ আগবঢ়ায় ইতিমধ্যে চৰকাৰক প্ৰস্তাৱ দিয়া বুলি উল্লেখ কৰে ৷
নেচাৰ্চ বেকনৰ প্ৰচেষ্টাৰ ফলতেই ধীৰে ধীৰে পবা অৰণ্যৰ সমৃদ্ধিৰ কথা ইতিমধ্যে অসম তথা ভাৰতৰ মানুহে অৱগত হৈছে বুলিও সদৰী কৰে ৷ জিলাখনৰ বিভিন্ন দল- সংগঠন, অনুষ্ঠান, শিক্ষানুষ্ঠান ,ছাত্ৰ সংগঠন আৰু অন্যান্য বে-চৰকাৰী প্ৰতিষ্ঠানসমূহে মুকলিকৈ পবা অৰণ্য সংৰক্ষণৰ বাবে চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ ফলস্বৰূপেই অৱশেষত চৰকাৰে পবাক অভয়াৰণ্য ৰূপত সংৰক্ষিত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিলে যদিও এতিয়াও কাৰ্য্যকৰী হোৱা নাই বুলিও তেওঁ অৱগত কৰে ৷
২০১৫ চনৰ পৰাই মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ পৃষ্ঠাপোষকতাত পবা সংৰক্ষণৰ জনসজাগতাৰ উদ্দেশ্যে “পবা বৰ্ষাৰণ্য মহোৎসৱ”ৰ সূচনা কথা উল্লেখ কৰি এইবাৰো মিছিং স্বায়ত্ত্বশাসিত পৰিষদে পবাক “পবা অভয়াৰণ্য” ৰূপে সংৰক্ষণ দিয়াৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহন কৰিছে ৷ এই সংৰক্ষণ মহোৎসৱত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু , জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ লগতে টি এম পি কে , এম এম কেৰ প্ৰমুখ্যে কৰি জোনাই বিভিন্ন ছাত্ৰ সংগঠন আৰু জাতীয় দল সংগঠনৰ তথা নেতা কৰ্মী সকলৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতাৰ বিষয়ে সংবাদমেলত সৌম্যদ্বীপ দত্তই অৱগত কৰে ৷
সংবাদমেলত নেচাৰ্চ বেকনৰ ধেমাজি জিলাৰ সমন্বয়ক যুগল সন্দিকৈ আৰু ধেমাজি উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা নেচাৰ্চ বেকনৰ সদস্য সত্যব্ৰত গগৈয়ে উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us