শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত ৰাজ্যিক বাজেট সন্দৰ্ভত সংবাদমেল

শিৱসাগৰত  জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়াই অসম চৰকাৰে দাখিল কৰা বাজেটকলৈ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত ৰাজ্যিক বাজেট সন্দৰ্ভত সংবাদমেল

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰত  জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়াই অসম চৰকাৰে দাখিল কৰা বাজেটকলৈ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ তেওঁ কয়- এইবাৰ বাজেটখন কোনেও সমালোচনা কৰিব পৰা নাই, কাৰণ বাজেটখন নিৰ্বাচন কেন্দ্ৰিক বাজেট নহয়, সম্পূৰ্ণ উন্নয়নমুখী বাজেট ৷ বাজেট সন্দৰ্ভত বিৰোধীও এইবাৰ নীৰৱ ৷

Advertisment

জিলা বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে,বিজেপিৰ একাংশ পালিনেতাই সাধাৰণ লোকৰ আঁচনিৰ নামত ধন সংগ্ৰহ কৰা প্ৰমাণ লাভ কৰিলে দলীয় নীতি- নিয়ম অনুসৰি জিলা বিজেপিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ তেওঁ কয়- মুখ্যমন্ত্ৰীয়ে আশা কৰিছে যাতে,উপযুক্ত ব্যক্তিকহে পঞ্চায়ত নিৰ্বাচনত ৰাইজে নিৰ্বাচন কৰে ৷

প্ৰকৃত পঞ্চায়তীৰাজ ৰূপায়ণ কৰাত তেতিয়াহে সুবিধা হয় আৰু ৰাইজো উপকৃত হ’ব ৷ মহিলা সবলীকৰণৰ ক্ষেত্ৰত উপযুক্ত মহিলাই যাতে আঁচনিসমূহ গ্ৰহণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷  মুখ্যমন্ত্ৰীয়ে অৰুনোদই আঁচনিতে ব্যস্ত নাথাকি আকাশমাৰ্গতো যাতে প্ৰতিপত্তি বৃদ্ধি কৰিব পাৰে, এই কথা চিন্তা কৰিয়ে ‘আচাম ছাট’ শীৰ্ষক উপগ্ৰহ প্ৰক্ষেপৰ পদক্ষেপ লৈছে বুলি তেওঁ কয় ৷

সংবাদমেলত লগতে কয়- চাৰি-পাঁচটা উপগ্ৰহে অসমখনক প্ৰদক্ষিণ কৰি থাকিব ৷ সুৰক্ষাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী লাভ কৰিব এই নতুন পদক্ষেপৰ দ্বাৰা ৷ আমাৰ সংস্কৃতিসমূহ অ’টিটি প্লেটফৰ্মৰ যোগেদি প্ৰচাৰ কৰাৰ কথাও চিন্তা কৰিছে ৷ বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণত যদি কোনো সাধাৰণ জনতা বা কৃষক মৃত্যুৰ মুখত পৰে চাৰিৰ পৰা পাঁচলাখ টকা চৰকাৰে ক্ষতিপূৰণ দিব ৷

তাৰোপৰি বিতোপন ৰাইদঙ্গীয়াই কয়- উদীয়মান লেখক-লেখিকাসকলকো ২৫ হাজাৰ টকা প্ৰদান কৰাৰ লগতে গ্ৰন্থসমূহ ৰাইজৰ মাজলৈ নিবৰ বাবে জিলা-সমজিলাত গ্ৰন্থমেলাৰ আয়োজন কৰে তেতিয়া চৰকাৰে ৰাজসাহায্য প্ৰদান কৰিব ৷ চৰকাৰী কৰ্ম যাতে কিতাপ -পত্ৰ ক্ৰয় কৰিব পাৰে সেইবাৰে চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত এক হাজাৰ টকা দিয়া হ’ব ৷

আনহাতে ধানৰ ন্যূনতম সমৰ্থন মূল্য ২৫ হাজাৰ পঞ্চাশ টকালৈ বৃদ্ধি কৰা হৈছে, গোমধানতো ২৪৭৫ টকা, সৰিয়হৰ প্ৰতি কুইণ্টৰ মূল্য ৬৪৫০ টকালৈ বৃদ্ধি কৰা হৈছে ৷ আত্মনিৰ্ভৰ অসম আঁচনিৰ যোগেদি নিবনুৱা যুৱক-যুৱতীক ২ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ কথা কৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে শিৱসাগৰ জিলা বি জে পি সম্পূৰ্ণ সাজু হৈছে বুলি জিলা সভাপতি বিতোপন ৰাইদঙীয়াই মন্তব্য কৰে ৷

বিজেপি চৰকাৰ বাজেট